Nitesh Pandey passes away : ‘অনুপমা’ খ্যাত অভিনেতা নীতিশ পাণ্ডেৰ দেহাৱসান

author img

By

Published : May 24, 2023, 1:09 PM IST

NITESH PANDEY DIES OF A HEART ATTACK AT THE AGE OF 51

আন এজন জনপ্ৰিয় টিভি অভিনেতাৰ মৃত্যু ৷ ৫১ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি ল’লে জনপ্ৰিয় অভিনেতা নীতিশ পাণ্ডেই।

চিটাৰা ডেস্ক, 24 মে’: টিভি জগতৰ পৰা আহিছে এটাৰ পিচত আনটো চাঞ্চল্যকৰ খবৰ । শেহতীয়াকৈ এক দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ ৷ বৈভৱীৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছে সহ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে তেওঁৰ অনৰাগীসকল (Vaibhavi Upadhyaya passes away) ৷ ইফালে বৈভৱীৰ আকস্মিক মৃত্যুৰ খবৰৰ পিচতে টিভি জগতৰ পৰা আহিছে আন এটা দুখবৰ ৷ বৈভৱীৰ মৃত্যুৰ খবৰৰ কেইঘণ্টামান পিচতে সুপৰিচিত টিভি অভিনেতা নিতেশ পাণ্ডেৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Nitesh Pandey Passes Away) ৷

৫১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Anupamaa actor Nitesh Pandey news) । শেহতীয়াকৈ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ত ‘ধীৰাজ কাপুৰ’ৰ চৰিত্ৰত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক (Nitesh Pandey dies of a cardiac arrest) । জানিব পৰা মতে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় অভিনেতাজনৰ । অভিনেত্ৰী বৈভৱী উপাধ্যায় আৰু নিতেশ পাণ্ডেৰ মৃত্যুৰ খবৰে এতিয়া সকলোকে হতচকিত কৰিছে ৷ এই দুগৰাকী অভিনেতাৰ মৃত্যু খবৰত এতিয়া শোকৰ ছাঁ পৰিছে টিভি জগতত ।

ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে সিদ্ধাৰ্থ নাগৰে (Anupamaa actor Nitesh Pandey passes away)। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সিদ্ধাৰ্থ নাগৰে কৈছে যে তেওঁ এটা অনুষ্ঠানৰ পৰা উভতি আহি আছিল আৰু তেতিয়াই তেওঁ নীতিশ পাণ্ডেৰ মৃত্যুৰ খবৰটো লাভ কৰিছিল । সিদ্ধাৰ্থ নাগৰে জনাইছে যে নীতিশ শ্বুটিঙৰ বাবে ইগাটপুৰীত আছিল আৰু তাতেই পুৱা প্ৰায় ১.৩০ বজাত অভিনেতাজনৰ হাৰ্ট এটেকত মৃত্যু হয় ৷

শ্বাহৰুখ খানৰ সৈতে ছবিত অভিনয় কৰিছিল নিতেশে

উল্লেখ্য যে, নীতিশ পাণ্ডেক শ্বাহৰুখ খানৰ দুখন ছবিত দেখা গৈছিল ওম শান্তি ওম আৰু চেন্নাই এক্সপ্ৰেছত (Om Shanti Om Actor Nitesh Pandey Passes Away) । ওম শান্তি ওম ছবিত শ্বাহৰুখৰ সহায়ক হিচাপে আৰু চেন্নাই এক্সপ্ৰেছ ছবিখনত বন্ধু হিচাপে দেখা গৈছিল (Nitesh Pandey Death News)।

নীতিশ পাণ্ডেৰ কেৰিয়াৰ

১৯৯০ চনত থিয়েটাৰত যোগদান কৰিছিল নীতিশে । তেজস নামৰ শ্ব’টোত অভিনেতাগৰাকীয়ে চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছিল । একে সময়তে তেওঁক টিভি ধাৰাবাহিক মঞ্জিল অপনি অপনি, অস্তিত্ব এক প্ৰেম কাহানী, ছায়া, জুস্তজু আৰু দুৰ্গেশ নন্দিনীত দেখা পোৱা গৈছিল । ৰূপালী গাংগুলীৰ জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ আৰু ‘প্যাৰ কা দৰ্দ হে মিঠা-মিঠা প্যাৰা-প্যাৰা’ত শেষবাৰৰ বাবে দেখা গৈছিল অভিনেতাগৰাকীক । ২৫ বছৰ ধৰি টিভি জগতত কাম কৰি আহিছিল অভিনেতাগৰাকীয়ে ৷

লগতে পঢ়ক: Sarath Babu Passed Away: দক্ষিণৰ অভিনেতা সাৰথ বাবু আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.