ETV Bharat / entertainment

ঋষি কাপুৰৰ মৃত্যু বাৰ্ষিকীত আৱেগিক পোষ্ট পত্নী নীতু কাপুৰৰ

author img

By

Published : Apr 30, 2022, 3:06 PM IST

rishi kapoor death anniversary
45 বছৰীয়া সংগী এজনক হেৰুওৱাটো কষ্টকৰ আৰু বেদনাদায়ক

আজি ৩০ এপ্ৰিল অভিনেতা ঋষি কাপুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী (Rishi Kapoor death anniversary) ৷ মৃত্যু বাৰ্ষিকীত স্বামীক স্মৰণ কৰি আবেগিক হৈ পৰিল নীতু কাপুৰ ৷ এটা পোষ্টৰ জৰিয়তে এই বেদনা প্ৰকাশ কৰিলে নীতু কাপুৰে ৷

চিটাৰা ডেস্ক, 30 এপ্ৰিল: আজি হিন্দী ছবি জগতৰ কিংবদন্তি অভিনেতা ঋষি কাপুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী (Rishi Kapoor death anniversary)। কেঞ্চাৰেৰ সৈতে যুঁজি যুঁজি 2020 চনৰ 30 এপ্ৰিলত অভিনেতাজনৰ মৃত্যু হয় (Rishi Kapoor death date) । লিউকেমিয়াৰ চিকিৎসাৰ বাবে ঋষি কাপুৰ পত্নীসহ আমেৰিকাত আছিলগৈ (Rishi Kapoor death reason)। ঋষি কাপুৰৰ মৃত্যুৰ খবৰে দেশবাসীক শোকস্তব্ধ কৰি তুলিছিল ।

সমগ্ৰ কাপুৰ পৰিয়াল শোকত ভাগি পৰিছিল । এনে পৰিস্থিতিত নীতু কাপুৰে কিদৰে নিজক চম্ভালিছিল সেইয়া কেৱল তেওঁহে জানে ৷ আজি স্বামী ঋষি কাপুৰক স্মৰণ কৰি আৱেগিক হৈ পৰিছে নীতু কাপুৰ ৷ এটা অনুষ্ঠানৰ সময়ত ঋষিক স্মৰণ কৰি কান্দি থকা পৰিলক্ষিত হৈছিল নীতু কাপুৰক । প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে আৱেগিক হৈ এটা পোষ্ট কৰিছে (Neetu Kapoor on Rishi Kapoor death anniversary) ৷

তেওঁ পোষ্টটোত লিখিছে, "আজি দুবছৰ হ'ল ঋষিজীয়ে আমাক এৰি থৈ যোৱা... এজন 45 বছৰীয়া সঙ্গীক হেৰুৱাটো কঠিন আৰু বেদনাদায়ক আছিল, সেই সময়ত মোৰ হৃদয় আৰোগ্য কৰাৰ একমাত্ৰ উপায় আছিল নিজকে মানসিকভাৱে ব্যস্ত ৰখা । চলচ্চিত্ৰ আৰু দূৰদৰ্শনে মোক চম্ভালিছিল, ঋষিজী আপোনাক সদায় মনত ৰাখিম, আপুনি সদায় সকলোৰে হৃদয়ত থাকিব" ।

১৯৮০ চনত ঋষি কাপুৰ আৰু নীতু সিঙে বিবাহ পাশত আৱদ্ধ হৈছিল । বিয়াৰ পূৰ্বতেই ছবিৰ ছেটত দুয়ো প্ৰেমত পৰিছিল । ৰিদ্ধিমা আৰু ৰণবীৰ কাপুৰৰ সৈতে তেওঁলোকৰ আছিল চাৰিজনীয়া সুখৰ সংসাৰ (Rishi Kapoor family) ৷

14 এপ্ৰিলত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ পিছত নীতু কাপুৰে এখন ফটো পোষ্ট কৰিছিল ৷ এই ছবিখন শ্বেয়াৰ কৰি নীতু কাপুৰে লিখিছিল, "আপোনাৰ সপোন সঁচা হৈছে কাপুৰ ছাৰ"। ৰণবীৰ আলিয়াৰ বিয়াখন ঋষি কাপুৰৰ সপোন আছিল ৷

লগতে পঢ়ক: তেনেই সাধাৰণ মেকআপেৰে ৰণবীৰৰ কইনা সাজি আহিল আলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.