ETV Bharat / entertainment

Cannes 2023: কাঁ মহোৎসৱ সন্দৰ্ভত নৱাজুদ্দিন ছিদ্দিকীৰ ডাঙৰ মন্তব্য, ক’লে- টকা দি দেখুৱাব পাৰি নিজৰ ছবি

author img

By

Published : May 26, 2023, 3:14 PM IST

বৰ্তমান ফ্ৰান্সৰ ফ্ৰেন্স ৰিভিয়াৰাত কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ চলি আছে আৰু বহু ভাৰতীয় ছবিও এই মহোৎসৱত প্ৰদৰ্শিত হৈছে । কিন্তু শেহতীয়াকৈ নৱাজুদ্দিন ছিদ্দিকীয়ে কাঁৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে ৷ তেওঁ কয় যে কাঁত নিজৰ ছবি প্ৰদৰ্শন কৰাটো অতি সহজ। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

NAWAZUDDIN SIDDIQUI SAYS PEOPLE CAN HIRE AUDITORIUMS CLICK PHOTOS AT CANNES EVEN IF NOT OFFICIALLY SELECTED
কাঁ ইভেণ্টৰ ওপৰত নৱাজুদ্দিন ছিদ্দিকীৰ ডাঙৰ বক্তব্য

চিটাৰা ডেস্ক, 26 মে’: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ চলি থকা ৭৬ সংখ্যক সংস্কৰণত ঐশ্বৰ্য ৰায় বচ্চন, ছাৰা আলী খান, মনুষী চিল্লাৰ, উৰ্বশী ৰাউটেলা, ছানি লিয়নি, অনুৰাগ কাশ্যপৰ দৰে ভাৰতীয় চেলিব্ৰিটিয়ে শোভা বঢ়ায় (Cannes 2023) । ইয়াৰ পূৰ্বে নৱাজুদ্দিন ছিদ্দিকীয়ে এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত ৯ বাৰকৈ অংশগ্ৰহণ কৰিছে (Nawaz says people can hire auditoriums at Cannes)। অৱশ্যে অভিনেতাজনে শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে ৷

অভিনেতাজনে কয় যে তেওঁ বুজি নাপায় কিয় কিছুমান মানুহ কাঁত যায় ! তেওঁ কয় যে ছবিখন আনুষ্ঠানিকভাৱে নিৰ্বাচিত নহ’লেও কাঁত প্ৰদৰ্শন কৰাটো কঠিন নহয় । নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে কয় যে এটা ড্ৰিল আছে, যিটো অনুসৰণ কৰা হয় । ৰেড কাৰ্পেটত খোজ কঢ়া, ফটো ক্লিক কৰা, সাক্ষাৎকাৰ দিয়া আৰু নিজৰ ছবিৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা এয়া সকলোৱে কৰিব পাৰে (Nawazuddin says easy to take your movie to Cannes)।

নৱাজুদ্দিন ছিদ্দিকীয়েও এক সাক্ষাৎকাৰত কয় যে কাঁত এটা ভাল ৰিভিউ কৰিলে ভাৰততো ছবিখনে ভাল সঁহাৰি পোৱাৰ নিশ্চয়তা নিদিয়ে । তেওঁ নিজৰ ছবি ‘মিছ লাভলী’ (২০১২) ৰ উদাহৰণ দাঙি ধৰে ৷ লগতে কয় যে কাঁ চলচ্চিত্ৰ মহোৎসৱত নিজৰ ছবিখন প্ৰদৰ্শন কৰাটো কিমান সহজ ।

কাঁৰ সন্দৰ্ভত প্ৰকৃততে কি কৈছিল নৱাজুদ্দিন ছিদ্দিকীয়ে ?

৪৯ বছৰীয়া নৱাজুদ্দিনে কয় যে আপুনি আপোনাৰ ছবিখন লয়, সেয়া আনুষ্ঠানিকভাৱে নিৰ্বাচিত হওক বা নহওক। তেওঁ কয়, ‘এটা অডিটৰিয়াম ভাড়া কৰি মালিকক ধন দিব, নিজৰ ৰেড কাৰ্পেট নিজে বনাই লওক, নিজৰ মানুহক লৈ যাওক, ফটো ক্লিক কৰক আৰু আপোনাৰ ছবিখন দৰ্শকক দেখুৱাওক । তাৰ পিচত মানুহে উভতি আহি কয় আমাৰ ছবিখন কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ।’

লগতে পঢ়ক: Kennedy : কাঁত কেনেডীয়ে ৭ মিনিটৰ ষ্টেণ্ডিং অভেচন লাভ কৰাত আবেগিক হৈ পৰিল ছানী লিয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.