মোৰ শেষ গান ছবিখনৰ শীৰ্ষগীত আৰু প’ষ্টাৰ মুকলি

author img

By

Published : Aug 27, 2022, 6:38 PM IST

Updated : Aug 27, 2022, 9:48 PM IST

Mor xesh gaan
মোৰ শেষ গান ছবিখনৰ শীৰ্ষগীত আৰু প’ষ্টাৰ মুকলি ()

শনিবাৰে আবেলি গুৱাহাটীত মোৰ শেষ গান ছবিখনৰ শীৰ্ষ গীত আৰু প’ষ্টাৰ মুকলি কৰা হয় (New Assamese film Mur xekh gaan)। শীৰ্ষ গীতটি মুকলি কৰে প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতে অনুষ্ঠানটোত ছবিখনৰ এটা টিজাৰো দেখুওৱা হয় । জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা গীতটিয়ে সকলো শ্ৰেণীৰ শ্ৰোতাকে মুগ্ধ কৰিব বুলি গানটোৰ সৈতে জড়িত প্ৰতিজনেই আশা প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 27 আগষ্ট : আমিষ (Aamis) খ্যাত অভিনেতা অৰ্ঘদীপ বৰুৱা এইবাৰ আহি আছে মুম্বাইস্থিত প্ৰীতম ফুকনৰ ৰূপত ৷ ‘মোৰ শেষ গান’ এখন নতুন অসমীয়া ছবি ৷ 14 অক্টোবৰত সমগ্ৰ অসমৰে ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷ এই ছবিখনৰ শীৰ্ষগীতটি আৰু প’ষ্টাৰ শনিবাৰে মুকলি কৰা হয় (New Assamese film Mur xekh gaan) ৷

প্ৰবাল বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে প্ৰস্তুত ‘মোৰ শেষ গান’ ছবিখনৰ মূল কাহিনীটো এনে এজন মানুহৰ যি 25 বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই । কিন্তু অসমলৈ আছে মানুহজনৰ অফুৰন্ত হেঁপাহ । মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে । হেঁপাহৰ অসমখনলৈ বাৰু মানুহজন যাব পাৰিবনে ? পুতেকে বাৰু অসমত কি বিচাৰি পাব ? দেউতাকে নিজ জন্মস্থানলৈ কেতিয়াও ঘূৰি নোযোৱাৰ কাৰণটো জানিবলৈ পাবনে ? এনেকুৱা বহুত সাঁথৰৰে নিৰ্মাণ হৈছে ছবিখনৰ কাহিনী । মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথাৰে আগবাঢ়ে ছবিখনৰ কাহিনী । সমন্বয়ৰ এটি বাৰ্তা দৰ্শকে দেখিবলৈ পাব ছবিখনত ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই ছবিখনক লৈ আশাবাদী ছবিখনৰ লগত জড়িত প্ৰতিজন কৰ্মী ৷ ‘মোৰ শেষ গান’ ৰ গীতৰ কথা এসময়ৰ অতি সফল গীতিকাৰ বিজয় দুৱৰাৰ ৷ আনহাতে সুৰ দিছে আন এজন সফল সুৰকাৰ অজয় সিংহই । এওঁলোক দুয়ো মুম্বাইৰ নিবাসী ।

90 ৰ দশকৰ অত্যন্ত জনপ্ৰিয় শিল্পী জিতুল সোণোৱালৰ বেচিভাগ গীতৰ কথা বিজয় দুৱৰাই লিখা । কোনে পাহৰিব পাৰে মৰমী লগৰী, যদি কেতিয়াবা অকলে, মৰমে ধুৱাই নিয়া আদি গীতবোৰ ! প্ৰবাল বৰুৱাৰ এই ছবিখনৰ সংলাপ আৰু গীত লিখাৰ উপৰিও ছবিখন প্ৰযোজনাও কৰিছে বিজয় দুৱৰাই ৷

আনহাতে অজয় সিংহৰ সফলতাৰ কাহিনী কিন্তু লিখা হৈছিল মুম্বাই চহৰত । অসমীয়া আৰু বাংলা ভাষাত প্ৰস্তুত “ৰংগীলা মন” গানটো নুশুনা লোক কমেই আছে । সেইটো অজয় সিংহই লিখা গান । পাহাৰগঞ্জ ছবিখনৰ মন পৰশা গীতবোৰো অজয় সিংহই লিখা । টেলিভিচনত অজয়ৰ সফলতা একেবাৰে শীৰ্ষ স্থানত । ইণ্ডিয়ান আইডল, ইণ্ডিয়াজ গট টেলেণ্ট, ঝলক দিখলা জা, জো জিটা ৱহি চুপাৰষ্টাৰ আদি প্ৰতিটো ৰিয়েলিটী শ্ব’ৰেই সংগীত পৰিচালনা কৰিছে অজয় সিংহই !

অটিটি’ত জী ফাইভৰ পৰচায়ী আৰু অভয় এই দুখন চিৰিজত অজয়ে কাম কৰিছে । আনকি জানি আচৰিত হ’ব যে জুবিন গাৰ্গৰ প্ৰথম হিন্দী গীতৰ এলবাম “য়ুহীঁ কভি”ৰ সুৰ আৰু সংগীতো অজয় সিংহৰ । মোৰ শেষ গানৰ শীৰ্ষগীতটিৰ মাষ্টাৰিং UK’ৰ ৱেল্চৰ প্ৰখ্যাত হেফড মাষ্টাৰিঙত কৰা হৈছে । ছবিখনত গীতত সুৰ দিয়াৰ লগতে আবহ সংগীতৰ কামো কৰিছে অজয় সিংহই ৷

ছবিখনত শব্দ ব্যৱস্থাপনাৰ কাম কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে । এওঁলোক আটাই কেইজনেই মুম্বাইৰ নিবাসী । নিজ জন্মস্থানৰ প্ৰতি থকা হেঁপাহৰ বাবেই প্ৰতিজনেই ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছে ছবিখনৰ লগত ৷ ছবিখনৰ সহ প্ৰযোজক হ’ল অসমৰ চিনেমা জগতৰ এক সুপৰিচিত ব্যক্তি প্ৰিয়ংকা বৰুৱা ।

ছবিখনৰ লগত মুম্বাইৰ আৰু বহুতো কলাকুশলী জড়িত হৈ আছে । চিনেমেটোগ্ৰাফাৰ অৰুণ ৱাৰ্মা, সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয়ে ছবিখনৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকাপালন কৰিছে । তিনিও পুণেৰ এফ টি আই আই’ত চিনেমাৰ প্ৰশিক্ষণ লোৱা মুম্বাইৰ সুপ্ৰতিস্থিত ব্যক্তি ।

মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই (Mur xekh gaan movie cast) । নতুন চিনাকীৰে বন্ধু হৈ পৰা দুয়োৰে চৰিত্ৰ দুটাৰ সম্পৰ্ক কোন দিশে যাব সেয়া দৰ্শকৰ বাবে বেচ আমোদজনক হ’ব বুলি ছবিখনৰ নিৰ্মাতাই আশা প্ৰকাশ কৰিছে । অভিনয়ত আৰু আছে অসমৰ ন পুৰণি বহুতো শিল্পী । সুপ্ৰতিস্থিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপুৰ্ণ ভূমিকাত ।

নৱ-প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচনোকো দেখিবলৈ পোৱা যাব আছে এটা মৰমলগা চৰিত্ৰত । কমলক চাগৈ এনে ৰূপত আগেয়ে দেখা পোৱা হোৱা নাই চিনেমাত । অন্য এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে বিভূতি ভূষণ হাজৰীকা । লগতে প্ৰতিভা চৌধুৰী, ৰনাল্ড হুচেইন, অচিন্ত শঙ্কৰ, প্ৰণৱজ্যোতি বৰ্মণ, প্ৰৱীণ দত্ত , ফাৰহান হুচেইন চৈয়দ আৰু সকলোৰে পৰিচিত কৌশিক নাথেও অভিনয় কৰিছে ছবিখনত ।

সংগীতত আৰু এজন বিশেষ ব্যক্তি জড়িত হৈ আছে । আয়ান আলি বাংগাশ্ব । শীৰ্ষগীতটি সৰোদত বজাইছে আয়ানে । আয়ান হ’ল প্ৰথম অসমীয়া ছবি জয়মতীত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্ৰুত সৰোদ বাদক আমজাদ আলি খানৰ পুতেক । দুটা জ্যোতি সংগীতো আছে ছবিখনত । তাত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী দীপলিনা ডেকা আৰু ৰিত্ৰিচা শৰ্ম্মাই । ছবিখনত থকা ঘোষা এটিত কণ্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ।

14 অক্টোবৰত গোটেই অসমৰ ছবিঘৰত ছবিখনৰ শুভমুক্তি দিয়া হ’ব (Mur xekh gaan release date) ।

লগতে পঢ়ক : Alia Bhatt Hollywood debut আলিয়াই ক’লে কেনেকৈ লাভ কৰিছিল হলীউডৰ প্ৰথমটো প্ৰজেক্ট

Last Updated :Aug 27, 2022, 9:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.