ETV Bharat / entertainment

অ’টিটিত মুক্তি লাভ কৰিব ঋষভ শেট্টীৰ বহুল চৰ্চিত ছবি kantara ই

author img

By

Published : Nov 18, 2022, 3:52 PM IST

Kantara
আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিব কান্তৰা ছবিখনে

অতি সোনকালে আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিব কান্তৰা ছবিখনে । সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : কানাড়া চলচ্চিত্ৰ 'কান্তৰা'য়ে বক্স অফিচত তোলপাৰ লগাইছে । এই চলচ্চিত্ৰখনৰ উন্মাদনা ইমানেই বাঢ়িছে যে বৰ্তমানলৈকে চিনেমা গৃহত চলিয়েই আছে । ছবিখন চাবলৈ ছবিগৃহত দৰ্শকৰ ভিৰ এতিয়াও পৰিলক্ষিত হয় ৷ কিন্তু এতিয়া অনুৰাগীসকলে ছবিখন অ'টিটিলৈ অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । নিশ্চয়কৈ বক্স অফিচত ভাল প্ৰদৰ্শন কৰা 'কান্তাৰা'য়ে অ'টিটিতো তোলপাৰ লগাব ।

'কান্তৰা' 2022 চনৰ আটাইতকৈ ডাঙৰ হিট ছবিসমূহৰ ভিতৰত এখন । সপ্তমী গৌড়া অভিনীত এই ছবিখন আগতে কেৱল কানাড়াত মুক্তি দিয়া হৈছিল । কিন্তু দৰ্শকৰ ইতিবাচক সঁহাৰিৰ পিছত, নিৰ্মাতাসকলে হিন্দীকে ধৰি বহুতো ভাষাত ছবিখন মুকলি কৰে । যোৱা কেইদিনমানৰ পৰা ছবিখনৰ অ'টিটি মুক্তিৰ বিষয়ে আলোচনা হৈ আছে । খবৰ অনুসৰি ছবিখন 4 নৱেম্বৰত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়াৰ কথা আছিল, কিন্তু মুকলি কৰা হোৱা নাছিল ।

24 নৱেম্বৰত কৰিব মুক্তি লাভ

নিৰ্মাতাসকলে অৱশেষত সিদ্ধান্ত লৈছে যে চিনেমাখন এতিয়া সৰু পৰ্দাত মুক্তি দিয়া হ'ব (Kantara OTT Release Date) । দ্য ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ছবিখন 24 নৱেম্বৰত মুক্তি পাব বুলি আশা কৰা হৈছে, কিন্তু নিৰ্মাতাসকলে এতিয়ালৈকে এই বিষয়ত কোনো ঘোষণা কৰা নাই ।

চলচ্চিত্ৰখনৰ সফলতা সন্দৰ্ভত তাৰকা সপ্তমী গৌড়াই এক সাক্ষাৎকাৰত কয় যে, "ছবিখনৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই । আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এই ছবিখনে ইমান সফলতা লাভ কৰিছে । আমি দৰ্শকৰ প্ৰতি কৃতজ্ঞ কিয়নো এই ছবিখন তেওঁলোকৰ বাবে হিট হৈ পৰিছে । যেতিয়া মানুহে এই ছবিখনৰ বিষয়ে কয় তেতিয়া আমি বহুত সুখী অনুভৱ কৰোঁ" ।

লগতে পঢ়ক : অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিয়া অভিনয় জগতৰ তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.