ETV Bharat / entertainment

অস্কাৰলৈ ভাৰতৰ পৰা এণ্ট্ৰি লাভ কৰা Chhello Showৰ অভিনেতা ৰাহুল কলিৰ মৃত্যু

author img

By

Published : Oct 11, 2022, 11:39 AM IST

ফিল্ম ফেডাৰেচন অৱ্ ইণ্ডিয়া (FFI)য়ে ঘোষণা কৰিছিল যে গুজৰাটী ছবি ‘Chhello Show’ য়ে (লাষ্ট ফিল্ম শ্ব’) 2023 চনৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে (Indian cinema oscars 2023) ৷ এটা দুঃখবৰে সকলোকে মৰ্মাহত কৰি তুলিছে এতিয়া ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা শিশু অভিনেতা ৰাহুল কলিৰ দেহাৱসান ঘটিছে ৷ সবিশেষ আগলৈ-

India's Oscar entry
Chhello Showৰ অভিনেতা ৰাহুল কলিৰ মৃত্যু

চিটাৰা ডেস্ক, 11 অক্টোবৰ : গুজৰাটী ছবি ‘Chhello Show’ য়ে 95 তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে । ছবিখন আনুষ্ঠানিকভাৱে অস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে । ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে এই কথা ঘোষণা কৰিছিল । চলচ্চিত্ৰখনৰ ইংৰাজী শিৰোনাম হৈছে 'লাষ্ট ফিল্ম শ্ব’'।

চলচ্চিত্ৰখন পান নলিনেই পৰিচালনা কৰিছে আৰু 14 অক্টোবৰত ই ছবিগৃহত মুক্তি লাভ কৰিব (Chhello Show release date)। কিন্তু এটা দুঃসংবাদে সকলোকে শোকস্তব্ধ কৰি তুলিছে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা শিশু অভিনেতা ৰাহুল কলিৰ লিউকেমিয়াৰ ফলত মৃত্যু ঘটিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অস্কাৰৰ দৌৰত ‘Chhello Show’ ৰ লগতে বিবেক অগ্নিহোত্ৰীৰ The Kashmir Files, আৰ মাধৱনৰ Rocketry: The Nambi Effect, এছ এছ ৰাজামৌলীৰ RRR আৰু ৰণবীৰ কাপুৰৰ Brahmāstra: Part One – Shiva ও আছিল ৷ এই সকলো ছবিকে পিছ পেলাই দৌৰত আগবাঢ়ে গুজৰাটী ছবি ‘Chhello Show’ ৷

14 অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ মুখ্য অভিনেতা ৰাহুলৰ মৃত্যুৱে মৰ্মাহত কৰি তুলিছে ছবিখনৰ টীমটোক ৷ শিশু অভিনেতাজনৰ মৃত্যুৰ কাৰণ কেঞ্চাৰ বুলি জানিব পৰা গৈছে ৷

পেছাত ৰাহুলৰ পিতৃ এজন অটো চালক ৷ ৰাহুলৰ মৃত্যুৰ পিছত পৰিয়ালে গৃহচহৰ হাপা গাঁৱত এখনি প্ৰাৰ্থনা সভাৰ আয়োজন কৰে ৷ ৰাহুলৰ পিতৃ ৰামু কলিয়ে শ্বেয়াৰ কৰিছে যে ‘Chhello Show’ ৰ মুক্তিকলৈ যথেষ্ট উৎসাহী হৈ আছিল ৷ ৰাহুলে প্ৰায়ে ঘৰত কৈছিল যে ‘Chhello Show’ ৰ মুক্তিৰ পিছত তেওঁলোকৰ জীৱন সলনি হৈ পৰিব ৷

‘Chhello Show’ ৰ পৰিচালকে জানিবলৈ দিছে যে ছবিখনৰ টীমটো অন্তিম দিন কেইটাত ৰাহুলৰ সৈতে হাস্পতালতে আছিল ৷ লিউকেমিয়াত আক্ৰান্ত হৈ থকা ৰাহুলক বচাব পৰা নগ’ল বুলি দুখ প্ৰকাশ কৰে তেওঁ ৷ 14 অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনত ৰাহুলে মনুৰ চৰিত্ৰত অভিনয় কৰিছিল ৷

অতীতৰ চিনেমাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ গুজৰাটৰ পশ্চিম অঞ্চলৰ মনোমোহা শৈলীক বন্দী কৰা এখন আংশিক আত্মজীৱনীমূলক ছবি লাষ্ট ফিল্ম শ্ব’ (চেলো শ্ব’) । ইয়াত শৈশৱৰ নিৰ্দোষ ধেমালি আৰু চিনেমাৰ সাৰ্বজনীন যাদুৰ সোৱাদ পাব দৰ্শকে ।

ছবিখনত অভিনয় কৰিছে ভবীন ৰাবাৰী, বিকাশ বাটা, ৰিছা মীনা, ভৱেশ শ্ৰীমালি, দীপেন ৰাভাল আৰু ৰাহুল কলিয়ে (Chhello Show cast) । ভাৰতৰ চিনেমা হলৰ পটভূমিত চেলুলয়ডৰ পৰা ডিজিটেললৈ ব্যাপক পৰিৱৰ্তন ঘটিছে, য’ত শ শ একক পৰ্দাৰ চিনেমা হল জৰাজীৰ্ণ হৈ পৰিছে বা একেবাৰেই নোহোৱা হৈ গৈছে ।

ৰবাৰ্ট ডিনিৰোৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰা ছবি হিচাপে লাষ্ট ফিল্ম শ্ব’ (Chhello Show)ৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (Gujarati film Chhello Show) ৷ স্পেইনৰ 66 সংখ্যক ভেলাডলিড চলচ্চিত্ৰ মহোৎসৱত (Valladolid Film Festival) গোল্ডেন স্পাইকতো ই সমাদৃত হৈছিল, য’ত এই ছবিখনে ছবিগৃহত চলি থকা সময়ত বাণিজ্যিক সফলতাও উপভোগ কৰিছিল ।

লগতে পঢ়ক : Chhello Show heads to Oscars 2023: এই গুজৰাটী ছবি আৰু ইয়াৰ পৰিচালকজনৰ বিষয়ে জানো আহক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.