ETV Bharat / entertainment

Salman Khan Praised Ira Khan: আমিৰকন্যাৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:02 PM IST

আমিৰ খানৰ কন্যা ইৰা খানৰ প্ৰশংসাত পঞ্চমুখ হ’ল বলীউডৰ ভাইজান ছলমান খান । কি ক’লে অভিনেতাগৰাকীয়ে জানক এই প্ৰতিবেদনত ৷

In a recent post Salman praises Aamir khans daughter Ira Khan
ছলমান খানে ইৰা খানৰ প্ৰশংসা কৰিলে

চিটাৰা ডেস্ক, 5 অক্টোবৰ: বলীউডত তিনি খানৰ মাজত বন্ধুত্ব সকলোৰে জনাজাত । কঠিন সময়ত শ্বাহৰুখ, ছলমান আৰু আমিৰ খানক সদায় ইজনে সিজনৰ লগত থিয় হৈ থকা দেখা যায় । আনকি তিনিও খানে ইজনে সিজনৰ পৰিয়ালকো বিপদৰ সময়ত সমৰ্থন কৰা দেখা যায় । একেদৰে এতিয়া ছলমান খানে বন্ধু আমিৰ খানৰ কন্যা ইৰা খানক প্ৰশংসা কৰা দেখা গৈছে । দৰাচলতে ইৰাক প্ৰায়ে ছ’চিয়েল মিডিয়াত মানসিক স্বাস্থ্যৰ কথা মুকলিকৈ কোৱা দেখা যায় । শেহতীয়াকৈ ইৰাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো দেখি আনকি ছলমান খানো আপ্লুত হৈ পৰিছে ৷ ইয়াৰ পিচতে ইৰাক ছলমানে মুকলিকৈ প্ৰশংসা কৰা দেখা যায় ৷

in-a-recent-post-salman-praises-aamir-khans-daughter-ira-khan
ছলমান খানৰ পোষ্ট

উল্লেখ্য যে ছলমান খান আৰু আমিৰ খানে একেলগে কাম কৰিছিল ‘আন্দজ আপনা আপনা’ ছবিখনত । আজিও দুয়োজন উদ্যোগটোত ভাল বন্ধু । আজি টাইগাৰ ৩ৰ তাৰকাগৰাকীয়ে আমিৰৰ কন্যা ইৰা খানক অভিনন্দন জনাইছে । আৱেগিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা কোৱা ইৰাৰ এই প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰিছে । ছলমানে কয় যে আমিৰৰ কন্যা শক্তিশালী আৰু বুদ্ধিমান ।

ছলমান খানে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত ইৰাই আৱেগিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মানসিক স্বাস্থ্যৰ কথা কৈছে । প্ৰথমে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল আগাটছু ফাউণ্ডেচনে । মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে কাম কৰা এই সংস্থাটো ইৰাই আৰম্ভ কৰিছে । ভিডিঅ’টো পোষ্ট কৰি ছলমানে ইৰাৰ বাবে লিখিছে, ‘‘এইটো আচৰিত ...ল’ৰা-ছোৱালীবোৰো ডাঙৰ হৈছে, শক্তিশালী হৈছে আৰু অতি বুদ্ধিমান হৈছে...মোৰ ভাল লাগিল...ভগৱানে আপোনাক আশীৰ্বাদ কৰক বেটা..'

ইৰাক প্ৰায়ে ছ’চিয়েল মিডিয়াত মানসিক চাপ, মানসিক স্বাস্থ্য আৰু হতাশাৰ কথা মুকলিকৈ কোৱা দেখা যায় । অনুৰাগীৰ বাবে ইৰা এক প্ৰকাৰৰ প্ৰেৰণা । পিতৃ আমিৰ খান আৰু মাতৃ ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ সময়ত ইৰাই যথেষ্ট মানসিক চাপৰ সন্মুখীন হৈছিল । শৈশৱৰ আঘাতৰ বিষয়ে ইৰাই সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ কোৱা দেখা যায় ।

লগতে পঢ়ক: Arijit-Salman: অৰিজিতক ক্ষমা কৰিলে নেকি ছলমানে ? ছলমানৰ টাইগাৰ 3 ত থাকিব নেকি অৰিজিতৰ গীত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.