ETV Bharat / entertainment

সঠিক সময়ত চিকিৎসা লাভ কৰিছে বুলি জনালে ইলিয়ানা ডিক্ৰুজে, কি হৈছিল অভিনেত্ৰী গৰাকীৰ ?

author img

By

Published : Jan 30, 2023, 6:44 PM IST

ইলিয়ানা ডিক্ৰুজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ দেওবাৰে অভিনেত্ৰী গৰাকীয়ে চেলাইন লৈ থকা ফটো শ্বেয়াৰ কৰিলে ইষ্টাগ্ৰামত ৷

Ileana D'Cruz
কি হৈছিল অভিনেত্ৰী গৰাকীৰ ?

চিটাৰা ডেস্ক, 30 জানুৱাৰী : অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁৰ অসুস্থতাৰ কথা । চেলাইন লৈ থকা ফটো পোষ্ট কৰিছে অভিনেতাগৰাকীয়ে ৷ প্ৰকৃততে কি হৈছে সেই কথা প্ৰকাশ কৰা নাই তেওঁ (ileana dcruz latest news) ৷ এই কথাই তেওঁৰ অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত কৰি তুলিছে । সকলোৰে পৰা ইতিবাচক বাৰ্তা লাভ কৰি তেওঁ নিজৰ সকলো শুভাকাংক্ষীক ধন্যবাদ জনাই আন এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে “সঠিক সময়ত চিকিৎসা সেৱা” লোৱাৰ পিছত তেওঁ ভাল অনুভৱ কৰিছে ।

দেওবাৰে পকিৰি তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত দুখন ছবিৰ কোলাজ শ্বেয়াৰ কৰি লিখিছিল, "এদিনতে কি পাৰ্থক্য আহি পৰে" ৷ এখন ফটোত তেওঁক চেলাইন লৈ থকা দেখিবলৈ পোৱা গৈছে । স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সবিশেষ প্ৰকাশ নকৰাকৈয়ে অভিনেত্ৰী গৰাকীয়ে আৰু লিখিছে, "লগতে কিছু দয়ালু চিকিৎসক আৰু 3 বেগ আইভি ফ্লুইড" ৷

Ileana D'Cruz
কি হৈছিল অভিনেত্ৰী গৰাকীৰ ?

ইলিয়ানাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে যেন অভিনেত্ৰী গৰাকীৰ অনুৰাগীসকলক তেওঁৰ মংগলৰ বাবে চিন্তিত কৰি পেলাইছিল আৰু তেওঁৰ ইনবক্সত মেছেজৰ বোমাবৰ্ষণ কৰিছিল । ছ’চিয়েল মিডিয়াত অনুৰাগীসকলক উত্তৰ দি অভিনেতাগৰাকীয়ে কেইঘণ্টামানৰ পাচত আন এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ প্ৰশংসকসকলক জনায় যে তেওঁৰ অৱস্থা ভালেই আছে (Ileana DCruz health updates) ।

ইলিয়ানাৰ ইনষ্টাগ্ৰাম ষ্টৰীয়ে তেওঁৰ অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত কৰি তুলিছিল আৰু সকলোৱে তেওঁক সুস্বাস্থ্য কামনা কৰি মেছেজ কৰিছিল । ছ'চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীসকলক উত্তৰ দি, অভিনেত্ৰী গৰাকীয়ে কেইঘণ্টামানৰ পিচত আন এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ গুণমুগ্ধসকলক জানিবলৈ দিয়ে যে তেওঁ সুস্থ অৱস্থাত আছে (Ileana DCruz Instagram) ।

ক্ষীণ হাঁহি এটা লৈ চেলফি শ্বেয়াৰ কৰি ডিক্ৰুজে লিখিছে, "মোৰ স্বাস্থ্য সম্পৰ্কে মোক মেছেজ কৰা সকলোলৈ, মোৰ প্ৰতি আপোনালোকৰ চিন্তাৰ বাবে বহুত বহুত ধন্যবাদ । মই সঁচাকৈয়ে সঁচাকৈয়ে প্ৰেমৰ শলাগ লৈছো আৰু মই আপোনালোকক নিশ্চিতকৈ কৈছো যে মই এতিয়া একেবাৰে ভালেই আছো" ৷ সঠিক সময়ত ভাল চিকিৎসা সেৱা পাইছো" ৷

Ileana D'Cruz
ডিক্ৰুজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে

কৰ্মক্ষেত্ৰত ইলিয়ানাক পৰৱৰ্তী সময়ত দেখা যাব তেৰা ক্যা হোগা লাভলীত । বলৱিন্দৰ সিং জানজুৱাৰ নেতৃত্বত নিৰ্মিত এই ছবিখনত ভাৰতৰ উজ্জ্বল/বগা ছালৰ প্ৰতি থকা আকৰ্ষণক এক কৌতুকপূৰ্ণ ৰূপত উপস্থাপন কৰা হৈছে । হাৰিয়ানাৰ পটভূমিত নিৰ্মিত ছবিখনত ৰণদীপ হুডাৰ বিপৰীতে ইলিয়ানাই অভিনয় কৰিছে । 2022 চনৰ 25 নৱেম্বৰত গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 53 সংখ্যক সংস্কৰণত প্ৰদৰ্শিত হোৱা তেৰা ক্যা হোগা লাভলী ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা হোৱা নাই ।

ভাৰতীয়-আমেৰিকান সংবেদন চেন্থিল ৰামমূৰ্তি, বিদ্যা বালান আৰু প্ৰতীক গান্ধীৰ সৈতেও তেওঁৰ এখন চিনেমা আছে । ই এখন ৰোমান্টিক কমেডী-ড্ৰামা চলচ্চিত্ৰ । এতিয়াও শিৰোনাম ঠিক নোহোৱা চলচ্চিত্ৰ ছবিখনক চূড়ান্ত ‘ডেট চিনেমা’ বুলি প্ৰচাৰ কৰা হৈছে ।

লগতে পঢ়ক : Shah Rukh Khan news: পাঠানৰ সফলতাৰ পিছত অনুৰাগীলৈ ফ্লায়িং কিছ বাদশ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.