Honey Singh divorce: 1 কোটি টকাৰ লেনদেনেৰে অন্ত পৰিল 10 বছৰীয়া বৈবাহিক সম্পৰ্ক

author img

By

Published : Sep 9, 2022, 3:39 PM IST

Updated : Sep 9, 2022, 5:39 PM IST

Honey Singh

শালিনী তলৱাৰৰ সৈতে বিবাহ বিচ্ছেদ হৈছে হানী সিঙৰ (Honey Singh wife) ৷ বিগত বৰ্ষত শালিনীয়ে দিল্লীৰ তীছ হাজাৰী আদালতত হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু আন নাৰীৰে সৈতে অবৈধ সম্পৰ্ক ৰখা দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল ৷

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : হানী সিঙৰ অনুৰাগী সকলৰ বাবে দুঃখবৰ ৷ জীৱনৰ এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হ’ব লগীয়া হৈছে জনপ্ৰিয় Rapper জন ৷ দহবছৰীয়া বিবাহিত সম্পৰ্ক শেষ হয় তেওঁৰ শালিনী তালৱাৰৰ সৈতে (Honey Singh divorce) ৷

প্ৰাপ্ত বাতৰি মতে, হানী সিঙে শালিনীক 1 কোটি টকা alimony হিচাপে দিয়ে ৷ কিন্তু জানিব পৰা মতে শালিনীয়ে প্ৰথমতে 10 কোটি টকাৰ দাবী জনাইছিল ৷

বিগত বৰ্ষত শালিনীয়ে দিল্লীৰ তীছ হাজাৰী আদালতত হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু আন নাৰীৰে সৈতে অবৈধ সম্পৰ্ক ৰখা দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল ৷

2021 চনৰ 28 আগষ্টলৈকে ন্যায়ালয়ে হানী সিঙক জাননী জাৰি কৰিছিল । অৱশেষত বৃহস্পতিবাৰে দুয়োৰে মাজত হোৱা বিবাহ বিচ্ছেদৰ পিছত বিষয়টো নিষ্পত্তি হয় । তথ্য অনুসৰি এই গোচৰৰ পৰৱৰ্তী শুনানি2023 চনৰ 20 মাৰ্চত অনুষ্ঠিত হ’ব, য’ত পৰৱৰ্তী প্ৰস্তাৱৰ শুনানি গ্ৰহণ কৰা হ’ব । অভিযোগত শালিনীয়ে বহু মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি শালিনীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

শালিনীয়ে কৈছিল যে হানী সিঙে তেওঁক আক্ৰমণ কৰিছিল । তেওঁ এই বিবাহৰ পৰা কেৱল অত্যাচাৰহে পাইছিল । শালিনী তালৱাৰে ৰেপাৰগৰাকীৰ বিৰুদ্ধে ঘৰুৱা হিংসা, যৌন হিংসা আৰু মানসিক নিৰ্যাতনৰ গোচৰ তৰিছিল । শালিনী তালৱাৰে ‘ঘৰুৱা হিংসা, মহিলা সুৰক্ষা আইন’ৰ অধীনত 10 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছিল যদিও এক কোটি টকাত গোচৰটো নিষ্পত্তি হয় ।

2011 চনত হানী সিঙৰ বিয়া হৈছিল । স্কুলৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী ৷ প্ৰায় 10 বছৰ ধৰি ইজনে সিজনক ডেট কৰাৰ পিছত বিয়া পাতিছিল । এতিয়া বিবাহৰ 10 বছৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছে ।

লগতে পঢ়ক : বিপাশা বসুৰ baby Shower ফটো চাওক-

Last Updated :Sep 9, 2022, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.