Maniratnam health update : চিত্ৰ নিৰ্মাতা মণিৰত্নম ক’ভিডত আক্ৰান্ত হোৱা নাই

author img

By

Published : Jul 19, 2022, 4:00 PM IST

FAMOUS DIRECTOR MANIRATHANAM

মঙলবাৰে পুৱাই এটা খবৰ আহিল যে, দক্ষিণৰ কিংবদন্তি পৰিচালক মণিৰত্নম ক’ভিডত আক্ৰান্ত ৷ কিন্তু এতিয়া জানিব পৰা গৈছে যে, এই খবৰটো সম্পূৰ্ণ ভুৱা আছিল (Maniratnam helth news) ৷ পৰিচালকজনৰ জনসংযোগ গোটৰ পৰা জানিব পৰা গ’ল যে পৰিচালকজন ক’ভিডত আক্ৰান্ত হোৱা নাছিল ৷

চিটাৰা ডেস্ক, 19 জুলাই : মঙলবাৰে পুৱা এটা খবৰ বিয়পি পৰিল যে, কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মণিৰত্নম ক’ভিডত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ৷ তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় (Director Maniratnam hospitalised) ৷ কিন্তু এতিয়া জানিব পৰা গৈছে যে, এই খবৰটো একেবাৰেই শুদ্ধ নহয় ৷ ই মাথো এক ভুৱা বাতৰিহে ৷ তেওঁৰ জনসম্পৰ্কৰক্ষী দলৰ পৰা স্পষ্টীকৰণ আহিল যে, পৰিচালকজন একেবাৰেই ক’ৰণাৰ বলি হোৱা নাই । তেওঁৰ ক’ভিড ৰিপৰ্ট নিগেটিভ আহিছে (Maniratnam latest news) ৷

পূৰ্বে একেদৰেই দক্ষিণৰ ছুপাৰষ্টাৰ বিক্ৰমক লৈয়ো এইদৰে ভুৱা বাতৰি প্ৰচাৰ হৈছিল ৷ প্ৰথমে বাতৰি প্ৰকাশ হৈছিল যে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল ৷ পিছত পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁৰ বুকুত সামান্য বিষ হৈছিল যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু তেওঁৰ হাৰ্ট এটেকৰ ভুৱা বাতৰিয়ে পৰিয়ালৰ লোকক মানসিক আঘাত দিছিল ৷

পৰিচালক মণিৰত্মৰ আগন্তুক ছবি 'পন্নিয়িন চেলভান পাৰ্ট 1'ৰ টিজাৰ কিছুদিন পূৰ্বে মুক্তি পাইছিল ৷ ৮ জুলাইত অনুষ্ঠিত ট্ৰেইলাৰ মুক্তি অনুষ্ঠানতো উপস্থিত আছিল পৰিচালকজন ৷ ঐশ্বৰ্য ৰায় বচ্চনৰ পৰা আৰম্ভ কৰি বিক্ৰম, জয়ম ৰবি, তৃষা সকলোকে ছবিখনত দেখিবলৈ পোৱা যাব । ৩০ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন ৷

লগতে পঢ়ক : Bhupinder Sing passes away: নাম গুম জায়েগা........কিংবদন্তী গায়ক ভূপিন্দৰ সিং আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.