Aamir Khan latest news: ছবিজগতৰ পৰা বিদায় লৈছে আমীৰ খানে

author img

By

Published : Nov 15, 2022, 1:47 PM IST

Aamir Khan

বিগত 35 টা বছৰে প্ৰফেচনেল কামৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পিছত বলীউড তাৰকা আমীৰ খানে শেহতীয়াকৈ অনুভৱ কৰিছে যে জীৱনত প্ৰকৃতাৰ্থত পৰিয়ালহে মুখ্য ৷ সেয়েহে এতিয়া তেওঁ নিজৰ কেৰিয়াৰতকৈ অধিক নিজৰ পৰিয়ালক অগ্ৰাধিকাৰ দি তেওঁলোকৰ সৈতে সময় কটাব বিচাৰিছে ৷

চিটাৰা ডেস্ক, 15 নৱেম্বৰ : আমীৰৰ অনুৰাগী সকললৈ দুঃখবৰ ৷ ছবিজগতৰ পৰা এক দীঘলীয়া বিৰতি লৈছে অভিনেতাজনে ৷ বিগত 35 টা বছৰে অভিনয়কে জীৱনৰ সৰ্বোচ্চ কাম হিচাপে গণ্য কৰি অহা অভিনেতাজনে আমীৰ খানে কয় যে তেওঁ কিছু সময় হয়তো ডেৰ বছৰ দিন ছুটী লৈ পৰিয়ালৰ সৈতে সময় পাৰ কৰিব বিচাৰিছে ৷ তেওঁ অনুভৱ কৰিছে যে পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ সময় আহি পৰিছে । অভিনেতা গৰাকীয়ে কয় যে 11 আগষ্টত মুক্তি পোৱা “লাল সিং চড্ডা” ছবিখনৰ পিছত তেওঁ “চেম্পিয়নছ” নামৰ আন এখন ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ কথা আছিল । লাল সিং চড্ডাই বক্স অফিচত বাল প্ৰদৰ্শন কৰিব নোৱাৰিলে । "যেতিয়া মই অভিনেতা হিচাপে ছবি এখন কৰি থাকোঁ, তেতিয়া মই সেইটোত ইমানেই হেৰাই যাওঁ যে মোৰ জীৱনত অন্য একোৱে প্ৰাধান্য নাপায় । যাৰ বাবে মই বিৰতি লোৱাৰ সিদ্ধান্ত লৈছো", তেওঁ লগতে কয় ৷

Aamir Khan
বিদায় লৈছে আমীৰ খানে

"লাল সিং...'ৰ পিছত 'চেম্পিয়নছ' নামৰ চিনেমা এখন কৰাৰ কথা আছিল... ই এক আচৰিত চিত্ৰনাট্য, এটা সুন্দৰ কাহিনীৰে ভৰপূৰ । এখন অতি হৃদয়স্পৰ্শী ছবি কিন্তু মোৰ এনে লাগে যেন মই বিৰতি ল'ব বিচাৰো । মই আচলতেই মোৰ পৰিয়ালৰ, মোৰ মাৰ, মোৰ ল’ৰা-ছোৱালীৰ সৈতে থাকিবলৈ বিচাৰো", আমীৰে কয় । শেহতীয়াকৈ ৰাজধানীত উপস্থিত হৈ তেওঁৰ শৈশৱৰ বন্ধুৰ এক বাৰ্তালাপ অনুষ্ঠানত এইদৰে ভাষণ দিয়ে আমীৰে ।

তেওঁ লগতে কয় যে তেওঁৰ কেৰিয়াৰৰ ওপৰত তেওঁৰ "একক মনোযোগ" তেওঁৰ বা তেওঁৰ প্ৰিয়জনৰ বাবে উচিত নহয় । শেহতীয়াকৈ, আমীৰৰ মাতৃ জিনাত হুছেইনক যোৱা মাহত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । "মই অনুভৱ কৰোঁ যে মই 35 বছৰ ধৰি কাম কৰি আছোঁ আৰু মই এককভাৱে মোৰ কামত মনোনিৱেশ কৰি আহিছো... এতিয়া মই অনুভৱ কৰোঁ যে এইটো মোৰ কাষৰ লোকসকলৰ বাবে উচিত নহয় । এইটো মোৰ বাবেও বহুক্ষেত্ৰত উচিত নহয় । এইখিনিয়েই মোৰ বাবে সময়... জীৱনটোক বেলেগ ধৰণে অনুভৱ কৰিবলৈ", 57 বছৰীয়া তাৰকাগৰাকীয়ে কয় ।

তেওঁ কয় যে এইয়া প্ৰথমবাৰৰ বাবে হ'ব যে তেওঁ অভিনেতা হিচাপে কাম নকৰে । "মই পৰৱৰ্তী বছৰ বা আগন্তুক ডেৰ বছৰৰ বাবে অভিনেতা হিচাপে কাম নকৰো", এই মন্তব্য কৰে তেওঁ ৷ অভিনেতাজন অৱশ্যে এজন প্ৰযোজক "চেম্পিয়নছ"ৰ সৈতে সংলগ্ন হৈ থাকিব ।

"মই চেম্পিয়নছত প্ৰযোজক হিচাপে কাম কৰিম কাৰণ মই সঁচাকৈয়ে ছবিখনৰ কাহিনীত বিশ্বাস কৰিছো । মই এতিয়া আন অভিনেতাসকলৰ কাষ চাপিম যাতে তেওঁলোকে মই কৰিব বিচৰা চৰিত্ৰটো কৰিবলৈ আগ্ৰহী হয়নে নহয় জানিব পাৰো । মই মোৰ জীৱনৰ সেই পৰ্যায়ত আছোঁ য'ত মই মোৰ ব্যক্তিগত সম্পৰ্কবোৰ উপভোগ কৰিব বিচাৰো", তেওঁ লগতে কয় ।

"চেম্পিয়নছ" আমীৰ খান প্ৰডাকচনৰ দ্বাৰা চনি পিকচাৰ্ছ ইণ্টাৰনেশ্যনেল প্ৰডাকচনচ, ইণ্ডিয়া আৰু 200 নটআউট প্ৰডাকচনৰ সৈতে সহ-প্ৰযোজনা কৰা হ'ব । জানিব পৰা মতে আমীৰক পৰৱৰ্তী সময়ত কাজল অভিনীত ৰেৱতীৰ "ছালাম ভেঙ্কি"ত এটা কেমিঅ' চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : Rozlyn Khan news:কৰ্কট ৰোগৰ সৈতে যুঁজি থকা ৰ’জলিন খানে চিকিৎসালয়ৰ পৰা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.