ETV Bharat / entertainment

Ileana D Cruz: ইলিয়ান ডি ক্ৰুজে ছ’চিয়েল মিডিয়াযোগে জনালে অন্তঃসত্বা হোৱাৰ খবৰ, নেটিজেনে সুধিলে, পিতৃ কোন ?

author img

By

Published : Apr 18, 2023, 1:37 PM IST

অভিনেত্ৰী ইলিয়ান ডি ক্ৰুজে মঙলবাৰে পুৱা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এক ডাঙৰ খবৰ (Ileana Dcruz pregnancy) ৷ দুখন ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে অন্তঃসত্বা হোৱাৰ খবৰ ৷

Coming soon Ileana D Cruz announces pregnancy see pictures
ইলিয়ান ডি ক্ৰুজ অন্তঃসত্বা

চিটাৰা ডেস্ক, 18 এপ্ৰিল : অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ ! মঙলবাৰে পুৱাই অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এক ডাঙৰ ঘোষণা কৰিছে ৷ খবৰ অনুসৰি প্ৰথম সন্তানৰ মাতৃ হ’বলৈ গৈ আছে ইলিয়ানা (Ileana Dcruz pregnancy) ৷ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আজি ইলিয়ানাই দুখনমান ছবি শ্বেয়াৰ কৰিছে, লগতে কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "শীঘ্ৰে আহিব । অপেক্ষা কৰিব নোৱাৰো তোমাক লগ পাবলৈ মোৰ সৰু ডাৰ্লিং।"

প্ৰথম ছবিখনত অভিনেত্ৰীগৰাকীয়ে এটা কেঁচুৱাৰ কাপোৰৰ ছবি পোষ্ট কৰিছিল য’ত লিখা আছিল "আৰু এনেকৈয়ে দুঃসাহসিক কৰ্ম আৰম্ভ হয়" । আন এখন ছবিত ইলিয়ানাই তেওঁৰ লকেটৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত লিখা আছিল "মামা" । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে সংগীৰ নাম প্ৰকাশ কৰা নাই (Ileana dcruz pregnant) ।

অভিনেত্ৰীগৰাকীয়ে এই খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগীয়ে ৰঙা হৃদয়ৰ ইমোজী আৰু অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে ৷ এজন অনুৰাগীয়ে মন্তব্য কৰি কয়, "কংগ্ৰেটছ ডাৰ্লিং!," । আন এজন অনুৰাগীয়ে লিখিছে, "বাহ অভিনন্দন । অল দ্য বেষ্ট ।" এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "hayeeee congooooooo." "Ooooo my gooddddd! অভিনন্দন !,"

আন একাংশ অনুৰাগীয়ে আকৌ অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰিছে ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ইলিয়ানাৰ বিয়া কেতিয়া হ’ল ? কেতিয়াও স্বামীৰ কথা প্ৰকাশ কৰা নাছিল ৷ মাত্ৰ জানিব বিচাৰিছো কাৰণ মই @ileana_official বহুত ভালপাওঁ । মালয়েছিয়াৰ পৰা প্ৰেম ৷ ’ আন এজন লিখিছে,‘পিতৃ কোন ?’

উল্লেখ্য় যে, কেতিয়াও ইলিয়ানাই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱা কৰা নাছিলে ৷ ইয়াৰ পূৰ্বে কেইবাটাও বাতৰি প্ৰকাশ পোৱা অনুসৰি ইলিয়ানাই কেটৰিণা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে ডেট কৰি আছে । মালদ্বীপত ভিকি কৌশল আৰু কেটৰিণা কাইফৰ সৈতে ছুটী লোৱা দেখা পোৱাৰ পিচতে দুয়োৰে সম্পৰ্কৰ বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ যদিও ইলিয়ানাই বৰ্তমানলৈকে নিজৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই (Barfi actor ileana dcruz expecting first child) ।

ইয়াৰ পূৰ্বে ফটোগ্ৰাফাৰ এণ্ড্ৰু নিব’নৰ সৈতে বহু বছৰ সম্পৰ্কত আছিল ইলিয়ানাৰ । ইফালে, ৱৰ্ক ফ্ৰণ্টত ইলিয়ানাক শেষবাৰৰ বাবে দেখা গৈছিল অভিষেক বচ্চনৰ সহ অভিনীত ছবি দ্য বিগ বুলত । চলচ্চিত্ৰ নিৰ্মাতা কুকি গুলাতিয়ে পৰিচালনা কৰা ছবিখনৰ প্ৰযোজক আছিল অজয় দেৱগণ । ইয়াৰ পিচত দেখা যাব ৰনদীপ হুডাৰ সৈতে আনফেয়াৰ এণ্ড লাভলী ছবিখনত ।

লগতে পঢ়ক: Salman Khan: শ্বেহনাজ গীলৰ অনুৰাগীৰ ওপৰত কিয় খং উঠিল ছলমান খানৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.