ETV Bharat / entertainment

ঘৰত থৈ আহানা মোক, এইবুলি কোনে ভিৰৰ মাজৰ পৰা আঁতৰাই নিলে ছলমানক

author img

By

Published : May 4, 2022, 11:11 AM IST

ছলমান খানৰ ভগ্নী অৰ্পিতা খান আৰু আয়ুষ শৰ্মাই অনুষ্ঠিত কৰা ঈদৰ পাৰ্টীত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বলীউডৰ গায়িকা তথা অভিনেত্ৰী শ্বেহনাজ গীলে ৷ অনুষ্ঠানটোত উপস্থিত থকা শ্বেহনাজ গীল আৰু ছলমান খানৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে (Shehnaaz Salman eid celebration video) ৷ চাওক কি আছে ভিডিঅ’টোত -

Shehnaaz Gill
টানি লৈ গ’ল ছলমানক শ্বেহনাজে

চিটাৰা ডেস্ক, 4 মে’: অৰ্পিতা খান আৰু আয়ুষ শৰ্মাৰ ঘৰত অনুষ্ঠিত ঈদ পাৰ্টীৰ নিশাটো স্মৰণীয় হৈ ৰ’ল তাত উপস্থিত অতিথিসকলৰ বাবে ৷ পাৰ্টীটোত ছলমান আৰু শ্বেহনাজৰ উপস্থিতিয়ে সকলোকে আপ্লুত কৰি ৰাখিলে (Shehnaaz Salman latest news) ৷ দুয়োৰে মিচিকিয়া হাঁহিয়ে মন ভৰাই তুলিলে অনুষ্ঠানলৈ অহা অতিথি আৰু অনুৰাগীৰ ৷

অনুষ্ঠানটোত উপস্থিত থকা শ্বেহনাজ গীল আৰু ছলমান খানৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে (Shehnaaz Salman eid celebration video) ৷ দুয়োগৰাকী তাৰকাই ফটোৰ বাবে প’জ দিয়াৰ সময়ত উষ্ম আলিংগন কৰা দেখা যায় ৷ ফটোসমূহৰ উপৰিও বেছিকৈ জনপ্ৰিয় হৈ পৰিছে এটা ভিডিঅ’ ৷ য’ত শ্বেহনাজে ছলমানক টানি নিজৰ গাড়ীৰ ওচৰলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে (Shehnaaz Salman eid celebration video) ৷

"এৰি থৈ আহানা মোক" বুলি মৰম আকলুৱা শিশুৰ দৰে চিঞৰি উঠিল শ্বেহনাজ গীল ৷ তাৰ পিছত একপ্ৰকাৰ নিজেই ছলমানক টানি গাড়ীৰ ওচৰলৈ লৈ যায় (Shehnaaz Gill eid party 2022) ৷ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই ভিডিঅ’টোৱে এতিয়া টোপনি কাঢ়িছে অনুৰাগীৰ ৷

আমোদজনক কথাটো হ’ল ছলমান আৰু শ্বেহনাজক পাৰ্টীত ক'লা ৰঙৰ সাজত দেখা গৈছিল । শ্বেহনাজে এটা ক'লা ভেলভেট চেলৱাৰ কামিজ পৰিধান কৰিছিল ৷ আনহাতে, ছলমানে নীলা ৰিপ্ড জিনছৰ সৈতে এটা ক'লা চাৰ্ট পৰিধান কৰিছিল । শ্বেহনাজক পৰৱৰ্তী সময়ত 'কভি ঈদ কভি দিৱালী' ত ছলমানৰ সৈতে পৰ্দাত দেখিবলৈ পোৱা যাব (Shehnaaz Gill upcoming movie) ।

লগতে পঢ়ক: Met Gala 2022: নতাশা পুনাৱালাৰ ফেশ্বন দেখি আপুনিও হৈ পৰিব অবাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.