ETV Bharat / entertainment

এনিমেল চাই মাতৃ প্ৰকাশ কৌৰে ববি দেওলক এনেধৰণৰ ছবি নকৰিবলৈ কয়, কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:28 AM IST

Animal: এনিমেল ছবিখনত ববি দেওলৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে । এটা সাক্ষাৎকাৰত ববিয়ে ছবিখন চোৱাৰ পিচত মাকৰ প্ৰতিক্ৰিয়া কি আছিল সেই কথা প্ৰকাশ কৰিছে ।

Bobby Deol Revealed His Mother's Reaction After Watching Animal
এনিমেল চোৱাৰ ববি দেওলৰ মাতৃয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ক’লে ববিয়

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: বক্স অফিচত ঢৌ তুলিছে ‘এনিমেল’ ছবিখনে । মুক্তিৰ ৬ দিনৰ ভিতৰতে ছবিখনে ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । ৰণবীৰ কাপুৰৰ উপৰিও এই ক্ৰাইম থ্ৰিলাৰ ছবিখনত ববি দেওলৰ অভিনয়কো অতিশয় প্ৰশংসা কৰা হৈছে । ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিচতো ববিয়ে নিজৰ জোৰদাৰ অভিনয়েৰে সকলোকে আপ্লুত কৰিছে । এক সাক্ষাৎকাৰৰ সময়ত ববি দেওলে প্ৰকাশ কৰে যে ‘এনিমেল’ চাই তেওঁৰ মাতৃয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

'এনিমেল' চাই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ববিৰ মাতৃ প্ৰকাশ কৌৰে ?

‘এনিমেল’ ছবিখনত ববিৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে । যদিও ছবিখনত অভিনেতাগৰাকীৰ ভূমিকা অতি কম আছিল, তথাপিও ববিয়ে নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে । এই সকলোবোৰৰ মাজতে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ববিয়ে প্ৰকাশ কৰে যে তেওঁৰ মাতৃ প্ৰকাশ কৌৰে ‘এনিমেল’ দেখি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । ববিয়ে কয়- ছবিখনত মোৰ মৃত্যুৰ দৃশ্যটো দেখাৰ পিচত মাকে মোক এনেকুৱা ছবি নকৰিবলৈ কৈছিল, এনেকুৱা দৃশ্য তেওঁ সহ্য কৰিব নোৱাৰে বুলি কৈছিল । এই বিষয়ে মই মাক বুজাই ক’লো যে সেয়া কেৱল ছবিখনৰ এটা দৃশ্য হে মাথো আৰু চোৱা মই তোমাৰ সন্মুখত সম্পূৰ্ণ সুস্থ হৈ থিয় হৈ আছো ।

ববিয়ে লগতে কয়- এনিমেলত মোৰ অভিনয়ত মা যথেষ্ট সুখী । মায়ে মোক কৈছিল যে তেওঁৰ সকলো বান্ধুৱীয়ে মোক লগ কৰিব বিচাৰে ।

উল্লেখ্য যে, এনিমেলে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । ছবিখনে বক্স অফিচত ঢৌ তুলিছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ মাত্ৰ ৬ দিনতে ৩০০ কোটিৰো অধিক ধন উপাৰ্জন কৰি ইতিহাস ৰচিলে । ইয়াৰ সমান্তৰালকৈ এই ছবিখনে শ্বাহৰুখ খানৰ পাঠান (২৫.৫ কোটি) আৰু জৱান (২৪ কোটি) ছবিৰ ষষ্ঠ দিনৰ সংগ্ৰহৰ অভিলেখো ভংগ কৰিছে । ছবিখনে এতিয়া ভাৰততে ৪০০ কোটি টকাৰ দিশত আগবাঢ়িছে । আশা কৰা হৈছে যে সপ্তাহৰ শেষৰ ফালে ‘এনিমেল’এ এই মাইলৰ খুঁটি অতিক্ৰম কৰিব । এই ছবিখনে সমগ্ৰ বিশ্বতে ইতিমধ্যেই ৫০০ কোটি টকা অতিক্ৰম কৰিছে ।

এনিমেল ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ছবিখনত ৰণবীৰ কাপুৰ, ববি দেওল, ৰশ্মিকা মন্দন্না আৰু অনিল কাপুৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ১ ডিচেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক: ছবিগৃহত অব্যাহত এনিমেলৰ গৰ্জন, এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.