ETV Bharat / entertainment

Asha Parekh on pathaan controversy:পাঠানত দীপিকাই পিন্ধা গেৰুৱা বিকিনি সন্দৰ্ভত মত দিলে আশা পাৰেখে

author img

By

Published : Dec 24, 2022, 2:02 PM IST

ASHA PAREKH
পাঠান বিতৰ্কত আশা পাৰেখৰ মন্তব্য

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ছবি পাঠানৰ Besharam Rang গীতটো এতিয়াও বিতৰ্কৰ মাজত । বৰঞ্চ বিতৰ্ক দিনক দিনে বাঢ়িহে গৈ আছে । শেহতীয়াকৈ এই বিতৰ্কক লৈ মুখ খুলিলে দশক দশক ধৰি বলীউডত শাসন চলাই অহা অভিনেত্ৰী আশা পাৰেখে । সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : মুক্তিৰ পূৰ্বেই বাতৰিৰ শিৰোনামত আছে কিং খানৰ আগন্তুক ছবি পাঠান ৷ ছবিখনৰ ‘বেছাৰাম ৰং’ গীতটোক লৈ বিতৰ্ক শেষ হোৱা নাই । বিভিন্ন জনে এই গীতটো সন্দৰ্ভত নিজ নিজ মন্তব্য আগবঢ়াইছে ৷ দৰাচলতে এই গীতটোত অভিনেত্ৰী দীপিকা পাডুকনে গেৰুৱা ৰঙৰ বিকিনি পিন্ধিছে ৷ এতিয়া বহুতে কৈছে যে ই বহু সংখ্যক মানুহৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে ৷ বহু হিন্দু সংগঠনে ইয়াক আপত্তিজনক বুলি কৈছে । দশক দশক ধৰি বলীউডত শাসন চলাই অহা অভিনেত্ৰী আশা পাৰেখেও এই বিষয়ত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এটা টিভি চেনেলৰ সৈতে হোৱা কথা-বতৰাত আশা পাৰেখে পাঠান ছবিখনৰ Besharam Rang গীতটোত দীপিকাৰ বিকিনি সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত কয় যে, "দৰাচলতে বিকিনিক লৈ হুলস্থুল হোৱা নাই, কিন্তু বিকিনি কমলা ৰঙৰ হোৱাৰ বাবেহে হুলস্থুল লাগিছে । মোৰ এনে লাগে যেন আমাৰ মগজু লাহে লাহে বন্ধ হৈ গৈ আছে আৰু পৰিৱৰ্তিত সময়ৰ লগে লগে আমাৰ আৱেগবোৰ অতি সংকীৰ্ণ হৈ পৰিছে" ।

আশা জীয়ে কয় যে বলীউড সদায় মানুহৰ বাবে টাৰ্গেট হৈ আহিছে আৰু মাজে মাজে ইয়াক লক্ষ্য কৰি লোৱা হয় । "এফালে আমি প্ৰগতিশীল হোৱাৰ কথা কওঁ, কিন্তু আনফালে বিকিনিৰ ৰঙত বিতৰ্কৰ সৃষ্টি কৰিও আমাৰ ধাৰণা প্ৰকাশ কৰো", এইদৰে কয় পাৰেখে ।

উল্লেখযোগ্য যে হিন্দু সংগঠনকে ধৰি বহু নেতাই গেৰুৱা বিকিনিক আপত্তিজনক বুলি অভিহিত কৰিছে । প্ৰথমে মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই অভিনেত্ৰীগৰাকীৰ বিকিনিক আপত্তিজনক বুলি অভিহিত কৰে । ইয়াক দুৰ্নীতিগ্ৰস্ত মানসিকতা আখ্যা দি ছবিখনৰ পৰা গীতটো আঁতৰাই দিবলৈ দাবী জনায় ।

উল্লেখযোগ্য যে 2023 চনৰ 25 জানুৱাৰীত কিং খানৰ ছবি পাঠান ছবিগৃহত মুক্তি পোৱাৰ কথা আছে ৷ মুক্তিৰ পূৰ্বে ছবিখনৰ দৃশ্য আৰু গীতক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে । কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই শ্বাহৰুখ খানে নিজেই কয় যে বতৰ অতি সোনকালে সলনি হ’ব, ছিটবেল্ট বান্ধি লওক ।

লগতে পঢ়ক : Besharam Rang গানটোত উত্তেজক বস্ত্ৰ পৰিধান কৰা বুলি দীপিকাক লৈ কটু মন্তব্য মুকেশ খান্নাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.