ETV Bharat / entertainment

এনিমেলে এতিয়ালৈকে বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ?

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:29 AM IST

Animal Box Office Collection Day 6: ঘৰুৱা বক্স অফিচত ৩০০ কোটি টকাৰ ক্লাবত যোগদান কৰিলে এনিমেলে ৷ ৰণবীৰ কাপুৰৰ ছবিখনে ষষ্ঠ দিনটোত কিমান উপাৰ্জন কৰিলে জানো আহক এই প্ৰতিবেদনত ৷

Animal box office collection day 6: Ranbir Kapoor starrer mints big; breaches Rs 300 cr mark in India and enters Rs 500 cr club overseas
এনিমেলৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: ৰণবীৰ কাপুৰ অভিনীত ছবি 'Animal'এ বক্স অফিচত প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । কেৱল ঘৰুৱা বক্স অফিচতে নহয়, বিশ্বজুৰি এই ছবিখনে ঢৌ তুলিছে । ৰণবীৰ কাপুৰৰ ছবিখনে ৫ দিনত বিশ্বজুৰি ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে ভাৰততো ছবিখনে ৩০০ কোটি টকাৰ ক্লাবত যোগদান কৰিছে ।

'এনিমেল' মুক্তিৰ আজি ৭ দিন হ’ল আৰু ছবিখনে প্ৰতিদিনে বক্স অফিচত কোটি কোটি টকা উপাৰ্জন কৰি আছে । ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি, ‘এনিমেল’এ পঞ্চম দিনত ৩৭.৪৭ কোটি টকাৰ ব্যৱসায় কৰিছিল, এতিয়া ষষ্ঠ দিনৰ উপাৰ্জনৰ তথ্যও প্ৰকাশ পাইছে । ষষ্ঠ দিনৰ প্ৰতিবেদন অনুসৰি ছবিখনে এতিয়ালৈকে ষষ্ঠ দিনটোত ৩০.০০ কোটি টকা উপাৰ্জন কৰিছে আৰু ইয়াৰ লগে লগে ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ৩১২.৯৬ কোটি টকা ।

  • ‘ANIMAL’ IS UNSTOPPABLE…#Animal is 250 NOT OUT… Racing towards ₹ 300 cr…Refuses to slow down on weekdays… Fri 54.75 cr, Sat 58.37 cr, Sun 63.46 cr, Mon 40.06 cr, Tue 34.02 cr. Total: ₹ 250.66 cr. #Hindi version. Nett BOC. #Boxoffice

    FASTEST TO HIT ₹ 250 CR…
    ⭐️ #Jawan:… pic.twitter.com/fGAiCGAGc3

    — taran adarsh (@taran_adarsh) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথম দিন- ৬৩.৮ কোটি টকা

দ্বিতীয় দিন - ৬৬.২৭ কোটি টকা

তৃতীয় দিন - ৭১.৪৬ কোটি টকা

চতুৰ্থ দিন - ৪৩.৯৬ কোটি টকা

পঞ্চম দিন - ৩৭.৪৭ কোটি টকা

ষষ্ঠ দিন - ৩৭.৪৭ কোটি টকা

মুঠ - ৩১২.৯৬ কোটি টকা

পিতৃ-পুত্ৰৰ সম্পৰ্কৰ কাহিনী এনিমেল

পিতৃ-পুত্ৰৰ মাজত এক আমোদজনক সম্পৰ্কৰ কাহিনী ‘এনিমেল’ । ছবিখনত ৰণবীৰ কাপুৰক মুখ্য চৰিত্ৰত দেখা পোৱাৰ বিপৰীতে অনিল কাপুৰে পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ উপৰিও ছবিখনত ৰশ্মিকা মন্দন্না, ববি দেওল আৰু ত্ৰুপ্তি ডিমৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে । ৰণবীৰৰ উপৰিও ছবিখন খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ববি দেওলৰ অভিনয়কো যথেষ্ট প্ৰশংসা কৰিছে অনুৰাগীয়ে ৷ ইফালে ত্ৰুপ্তি ডিমৰীৰ অভিনয়কো যথেষ্ট প্ৰশংসা কৰে অনুৰাগীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: উপাৰ্জনৰ ক্ষেত্ৰত গদৰ ২, পাঠান, কে জি এফ ২ ক চেৰ পেলালে এনিমেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.