ETV Bharat / entertainment

বক্স অফিচত অব্যাহত এনিমেলৰ ব্যাপক উপাৰ্জন

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:01 PM IST

Animal Box Office Collection Day 17: ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখনে বক্স অফিচত অব্যাহত ৰাখিছে নিজৰ দখল । তৃতীয় সপ্তাহত ছবিখনে কিমান ধন উপাৰ্জন কৰিছে জানো আহক ৷

Animal box office collection day 17: Ranbir Kapoor starrer joins Rs 500 cr club in India, global receipts inch closer to Rs 850 cr
এনিমেল বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: ছবিগৃহত অব্যাহত আছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ গৰ্জন । তৃতীয় সপ্তাহতো ছবিখনে বক্স অফিচত অব্যাহত ৰাখিছে ভাল উপাৰ্জন । যদিও দ্বিতীয় সপ্তাহত 'এনিমেল'ৰ উপাৰ্জন হ্ৰাস পাইছিল, কিন্তু তৃতীয় সপ্তাহৰ শেষৰ ফালে ছবিখনৰ উপাৰ্জন আকৌ বৃদ্ধি পায় । তৃতীয় শনিবাৰৰ পিচত তৃতীয় দেওবাৰেও ছবিখনে বক্স অফিচত ব্যাপক ধন উপাৰ্জন কৰে । মুক্তিৰ ১৭ দিনত অৰ্থাৎ তৃতীয় দেওবাৰে ‘এনিমেল’এ কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ।

মুক্তিৰ ১৭ দিনত এনিমলে কিমান কোটি টকা আয় কৰিলে ?

১০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ‘এনিমেল’ মুক্তিৰ প্ৰথম সপ্তাহতে খৰচতকৈ অধিক উপাৰ্জন কৰিছিল । তৃতীয় সপ্তাহতো ছবিখনৰ উপাৰ্জন অব্যাহত আছে আৰু ছবিখনে ইতিমধ্যেই বহু ডাঙৰ ডাঙৰ ছবিৰ অভিলেখ ভংগ কৰিছে । প্ৰথম সপ্তাহতে ‘এনিমেল’এ ৩৩৭.৫৮ কোটি টকা উপাৰ্জন কৰিছিল। দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন হৈছিল ১৩৯.২৬ কোটি টকা ।

এতিয়া মুক্তিৰ তৃতীয় সপ্তাহতো এই ছবিখনে বক্স অফিচত ভাল ফলাফল প্ৰদৰ্শন কৰিছে । তৃতীয় শুকুৰবাৰে ‘এনিমেল’এ ৮.৩ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে তৃতীয় শনিবাৰে এনিমেলৰ উপাৰ্জনত ৫৪.২২ শতাংশ বৃদ্ধি পাই আৰু ১২.৮ কোটি টকা উপাৰ্জন কৰে । তৃতীয়া দেওবাৰে ছবিখনে পুনৰবাৰ ইতিহাস সৃষ্টি কৰি ভাৰততে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

সেকনিল্কৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ ১৭ দিনত অৰ্থাৎ তৃতীয় দেওবাৰে ‘এনিমেল’এ ১৫ কোটি টকা উপাৰ্জন কৰে ।

ইয়াৰ লগে লগে ১৭ দিনত ভাৰতত ‘এনিমেল’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৫১২.৯৪ কোটি টকা ।

‘এনিমেল’ৰ বিশ্বব্যাপী উপাৰ্জন কিমান হৈছে ?

‘এনিমেল’এ কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে । ১৭ দিনত ঘৰুৱা বজাৰত ৫০০ কোটি টকাৰ অতিক্ৰম কৰিছে ছবিখনে । আনহাতে ১৬ দিনত ‘এনিমেল’ এ বিশ্বজুৰি ৮১৭.৩৬ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া ১৭ দিনত ছবিখনে ৮৩৫.৯ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ডাংকি নে ছালাৰ ? অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.