ETV Bharat / entertainment

IFFM 2022: আই এফ এফ এম ২০২২ত ত্ৰিৰংগা উৰুৱাব অভিষেক বচ্চন আৰু কপিল দেৱে

author img

By

Published : Jul 27, 2022, 9:29 PM IST

IFFM
আই এফ এফ এম ২০২২ত ত্ৰিৰংগা উৰুৱাব অভিষেক বচ্চন আৰু কপিল দেৱে

মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিষেক বচ্চন আৰু কপিল দেৱে ভাৰতীয় ত্ৰিৰংগা উৰুৱাব । অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ ৰাজধানী মেলবৰ্ণত ২০২২ চনৰ ১২ৰ পৰা ২০ আগষ্টলৈ চলিব এই চলচ্চিত্ৰ মহোৎসৱ (IFFM 2022) ।

চিটাৰা ডেস্ক, 27 জুলাই : মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ আগন্তুক সংস্কৰণত অভিনেতা অভিষেক বচ্চন আৰু প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে ভাৰতীয় পতাকা উৰুৱাব (Indian Film Festival of Melbourne ) । আই এফ এফ এমত বিশেষ অতিথি হিচাপে উপস্থিত থকা অভিষেকে কয় যে, তেওঁৰ বাবে এয়া এক বৃহৎ সন্মান ।

তেওঁ লগতে কয়, "বিখ্যাত ফেডাৰেচন স্কোৱাৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাটো মোৰ বাবে গৌৰৱৰ বিষয় । ই এক অনুষ্ঠান য’ত অষ্ট্ৰেলিয়াত বাস কৰা সকলো ভাৰতীয়ই একত্ৰিত হৈ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব । এই অনুষ্ঠানে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বন্ধুত্ব শক্তিশালী কৰিব আৰু কপিল ছাৰৰ সৈতে একেখন মঞ্চত থিয় হ’ব পৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয় হ’ব আৰু এই অনুষ্ঠানটো চিনেমা আৰু ক্ৰিকেটক একেখন মঞ্চত একত্ৰিত কৰাৰো প্ৰতীক । এনে ধৰণৰ অনুষ্ঠানেৰেই আমি ভাৰতীয়সকল বান্ধ খাই আছোঁ একেলগে ৷ শতাধিক লোকে এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে" ।

মহোৎসৱৰ সঞ্চালক মীতু ভৌমিক লেংগে আৰু কয় যে, "ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই ঐতিহাসিক মূহুৰ্তটোক উদযাপন কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ উদ্দেশ্যে আগত ৰখা হৈছে । কপিল দেৱ আৰু অভিষেক বচ্চনে এইবাৰ ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰাত আমি আনন্দিত হৈছো । এই অনুষ্ঠান আমাৰ দেশে অষ্ট্ৰেলিয়াৰ সৈতে উদযাপন কৰা বন্ধুত্বৰ প্ৰতীক আৰু এই দুজন আইকনৰ একত্ৰিকৰণে চিনেমা আৰু ক্ৰিকেটৰ নিখুঁত মিশ্ৰণ প্ৰদান কৰিব" ৷

অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ ভিক্টোৰিয়াত অহা ১২ৰ পৰা ২০ আগষ্টলৈ অনুষ্ঠিত হ’ব আই এফ এফ এম (IFFM 2022) । ক’ৰণা মহামাৰীৰ পূৰ্বে ২০১৯ চনত এই মহোৎসৱৰ আয়োজন কৰিছিল শ্বাহৰুখ খান, অৰ্জুন কাপুৰ, টাবু, বিজয় সেথুপাটী, ৰীমা দাস, জোয়া আখতাৰ, কৰণ জোহৰকে আদি কৰি বিভিন্ন জনে ৷ ক’ৰণাৰ বাবে ২০২০ আৰু ২০২১ চনত ভাৰ্চুৱেলি অনুষ্ঠিত হৈছিল এই মহোৎসৱ ।

আইএফএফএমে প্ৰদৰ্শন কৰিব ১০০ খনতকৈও অধিক সমালোচকৰ প্ৰশংসিত ছবি । অনুৰাগ কাশ্যপৰ পৰিচালনাত তাপসী পান্নুৰ ছবি Dobaaraaৰে আৰম্ভ হ’ব এই মহোৎসৱৰ ।

লগতে পঢ়ক : Prastuti Parashar new song: এইবাৰ গায়িকাৰ ৰূপত ভ্ৰাম্যমাণৰ মহাৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.