ETV Bharat / entertainment

কাঁ চলচ্চিত্ৰ মহোৎসৱ: ৰেড কাৰ্পেটত জিলিকিল সংযুক্তাৰ পাটৰ সাজ

author img

By

Published : May 21, 2022, 4:49 PM IST

cannes Film Festival 2022
কান চলচ্চিত্ৰ মহোৎসৱ 2022ত জিলিকি উঠিল সংযুক্তা দত্ত ডিজাইনিং ড্ৰেছ

তিনিটা বছৰৰ বিৰতিৰ পিছত অসমৰ পাটশিল্পই আকৌ এবাৰ চমক দিলে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত । নিজৰ সৃষ্টিকৰ্মৰে ইতিমধ্যে বিশ্বৰ ফেশ্বন ডিজাইনাৰ সকলৰ মাজত নিজৰ বাবে এক স্থান উলিয়াই লবলৈ সক্ষম হোৱা অসমৰ সংযুক্তা দত্তই ডিজাইন (Fashion designer Sanjukta Dutta) কৰা পাটৰ কাপোৰৰ এযোৰ ৰঙা পোচাক পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ব্ৰিটেইনৰ জনপ্ৰিয় আবেদনময়ী মডেল ইনগ্ৰিডা ইলগিনে (Super model Ingrida Ilgine) । কাঁ চলচ্চিত্ৰ মহোৎসৱত এইসাজ ৰঙা পাটৰ কাপোৰ পিন্ধি ইনগ্ৰি়ডা ইলগিনে পুনৰ বিশ্বৰ চলচ্চিত্ৰৰসিকৰ মন মুহিবলৈ সক্ষম হ'ল ।

নিউজ ডেস্ক, ২১ মে': কাঁ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠিল অসমীয়া ফেশ্বন ডিজাইনাৰৰ ডিজাইনিং ড্ৰেছ ৷ বিশ্ববিখ্যাত ফেশ্বন ডিজাইনাৰ সমূহৰ মাজত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা অসম জীয়ৰী সংযুক্তা দত্তৰ ডিজাইনিং পোছাক পিন্ধি ব্ৰিটেইনৰ মডেলে মুহিলে উপস্থিত দৰ্শকৰ মন (Assamese designer dress at cannes) ৷

cannes Film Festival
ব্ৰিটেইনৰ জনপ্ৰিয় মডেল ইনগ্ৰিডা ইলগিন

উল্লেখযোগ্য যে ব্ৰিটেইনৰ এইগৰাকী চুপাৰ মডেল ইনগ্ৰিডা ইলগিনে ২০১৯ বৰ্ষৰ কাঁ মহোৎসৱতো সংযুক্তা দত্তই ডিজাইন কৰা এসাজ পাটৰ কাপোৰ পিন্ধি বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ মন কাঢ়িছিল (Sanjukta Dutta dress at cannes film festival)। অসমৰ পাটশিল্পক ২০১৯ তেই কাঁ চলচ্চিত্ৰ মহোৎসৱত বিশ্ববাসীক চিনাকি কৰাই দিছিল অসমকন্যা ডিজাইনাৰ সংযুক্তা দত্তই (Model wearing Assamese designer dress at cannes) ৷

cannes Film Festival
অসমকন্যা ডিজাইনাৰ সংযুক্তা দত্ত
cannes Film Festival
ব্ৰিটেইনৰ জনপ্ৰিয় মডেল ইনগ্ৰিডা ইলগিন
cannes Film Festival
ব্ৰিটেইনৰ জনপ্ৰিয় মডেল ইনগ্ৰিডা ইলগিন

উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিগত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা নিউয়ৰ্ক ফেশ্বন উইকতো সংযুক্তা দত্তই ডিজাইন কৰা পাট-মুগাৰ সাজ পৰিধান কৰি বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ মডেলে ৰেম্পত খোজ দিছিল ।

কান চলচ্চিত্ৰ মহোৎসৱ 2022ত জিলিকি উঠিল সংযুক্তা দত্ত ডিজাইনিং ড্ৰেছ

স্মৰ্তব্য যে এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তই ডিজাইন কৰা পাটৰ কাপোৰ পিন্ধি খোজ পেলোৱা প্ৰখ্যাত চুপাৰ মডেল ইনগ্ৰিডা ইলগিনৰ শিৰত জিলিকি আছে Top model United Kingdom winner, Miss Film festival international ৰ দৰে খিতাপ ।

লগতে পঢ়ক: Cannes 2022: কান চলচ্চিত্ৰ মহোৎসৱত শাৰী পিন্ধি দৰ্শকক মুহিলে অদিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.