ETV Bharat / crime

মুকলিকৈ ড্ৰাগছৰ বেহা; অসম-নাগালেণ্ড সীমান্তৰ ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্য

author img

By

Published : Jan 28, 2022, 1:31 PM IST

youth-consuming-drugs-in-assam-nagaland-border-at-sonari
অসম-নাগালেণ্ড সীমান্তৰ ড্ৰাগছৰ ঘাটিত কি কাম যুৱকৰ দলৰ ?

ড্ৰাগছ সৰবৰাহৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা (Drug trafficking activity in Assam Nagaland border) ৷ নামতোলাৰ এটা ড্ৰাগছৰ ঘাটিত একাংশ যুৱকে ড্ৰাগছ সেৱন কৰা দৃশ্যাংশ আৱদ্ধ হ’ল কেমেৰাত (Youth consuming drugs in Assam Nagaland border) ৷ সবিশেষ চাও আহক ৷

মৰাণ, 28 জানুৱাৰী : বিগত এটা বৰ্ষজুৰি ৰাজ্যৰ সৰ্বস্তৰত সৰ্বাধিক চৰ্চিত এটা বিষয় হৈ পৰিছে ড্ৰাগছ ৷ এটাৰ পিছত আনটো অভিযানত আৰক্ষীয়ে উৎখাত কৰিছে ড্ৰাগছৰ ঘাটি ৷ আৰক্ষীয়ে সাৰি যাবলৈ দিয়া নাই চতুৰতকৈ চতুৰ পন্থা লোৱা ড্ৰাগছ সৰবৰাহকাৰীকো (Anti drug mission by Assam police) ৷ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান কৰিবলৈ গৈ আৰক্ষীয়ে এনকাউন্টাৰৰ দৰে পন্থাও হাতত লোৱা দেখা গৈছে (Assam police encounter drug mafia) ৷

কিন্তু, ইমানৰ পিছতো ক্ষান্ত হোৱা নাই ড্ৰাগছ মাফিয়াৰ এই বৃহৎ ৰেকেট (Drug mafia racket in Assam) ৷ আৰক্ষীৰ ইটোৰ পিছত সিটো ড্ৰাগছ বিৰোধী অভিযানৰ বিপৰীতে ড্ৰাগছ মাফিয়া সকলেও চলাই গৈছে ৰমৰমীয়া অবৈধ ব্যৱসায় (Drugs smuggling in Assam) ৷ শেহতীয়াকৈ, ড্ৰাগছ সৰবৰাহৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা (Drug trafficking activity in Assam Nagaland border) ৷

অসম-নাগালেণ্ড সীমান্তৰ ড্ৰাগছৰ ঘাটিত কি কাম যুৱকৰ দলৰ ?

কেমেৰাত আৱদ্ধ হৈছে নামতোলাৰ এটা ড্ৰাগছৰ ঘাটিৰ দৃশ্যাংশ ৷ চৰাইদেউ জিলা আৰক্ষীয়ে জিলাখনৰপৰা নিষিদ্ধ ড্ৰাগছৰ ঘাটি উচন কৰিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই । আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ।

ইফালে, চৰাইদেউ আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সৰবৰাহকাৰী সকলে ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰিবলৈ লোৱাত আৰক্ষীও বিফল হৈছে বহু সময়ত । শেহতীয়াকৈ আমাৰ হাতলৈ আহি পৰিছে নামতোলাৰ এটা ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্যাংশ ।

অসম-নগালেণ্ড সীমান্তৰ নামতোলাৰ ৰবৰ নদীৰ দুয়োপাৰে একাংশ যুৱকে ড্ৰাগছ সেৱন কৰা (Youth consuming drugs in Assam Nagaland border) এই দৃশ্য দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব । নামতোলা আৰক্ষী থানাৰ পৰা নাতি দূৰৈত নাগালেণ্ডৰ সীমাত বিনা বাধাই ড্ৰাগছ সেৱন কৰা যুৱক সকলে নামতোলাৰ কোনো এক গোপন স্থানৰপৰাই ড্ৰাগছ ক্ৰয় কৰা বুলিও অভিযোগ উত্থাপন হৈছে । সেয়েহে, চৰাইদেউ আৰক্ষীক নামতোলাত অব্যাহত থকা এই দুষ্কাৰ্য ৰোধৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে ।

লগতে পঢ়ক : ETV Bharat Impact: তিনিচুকীয়া জিলা প্ৰশাসনে তলা লগালে লালিগুৰৰ গুদামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.