ETV Bharat / crime

খানামুখত পাইন কাঠভৰ্তি ট্ৰাকসহ চালকক আটক

author img

By

Published : Jun 28, 2021, 10:09 AM IST

গুৱাহাটী খানামুখ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান । উক্ত অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা আহি থকা অৱস্থাত আৰক্ষীৰ হাতত জব্দ AS 01 EC 2992 নম্বৰৰ পাইন কাঠভৰ্তি এখন ট্ৰাক জব্দ ৷

smuggled timber seized By Police At Guwahati
খানামুখত পাইন কাঠভৰ্তি ট্ৰাকসহ চালকক আটক

গুৱাহাটী, 28 জুন : গুৱাহাটী (Guwahati) মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালানবিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্তি ট্ৰাক জব্দ হয় । জব্দ কৰা কাঠখিনিৰ পৰিমাণ প্ৰায় ৪০ ঘনমিটাৰ আৰু বজাৰ মূল্য প্ৰায় ৬ লক্ষাধিক হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷

বন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই মেঘালয়ৰ বৰ্ণিহাটৰ পৰা গুৱাহাটীলৈ ট্ৰাকযোগে নথি পত্ৰ অবিহনে পাইন আহিব পাৰে বুলি খবৰ লাভ কৰে ৷ উক্ত খবৰটো লাভ কৰি খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ক সতৰ্ক কৰি দিয়ে বন বিষয়াগৰাকীয়ে ।

বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাৰ নিৰ্দেশত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকর্মী আৰু জালুকবাৰী আৰক্ষীয়ে যৌথভাৱে গুৱাহাটীৰ খানামুখৰ পৰা লংকেশ্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় । অভিযানত আৰক্ষীয়ে কৌশলেৰে টিৰ্পালেৰে ঢাকি অহা এ এছ ০১ ই চি ২৯৯২ (AS 01 EC 2992) নম্বৰৰ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ তালাচিত ট্ৰাকখনৰ পৰা বৃহৎ পৰিমানৰ পাইন কাঠ জব্দ হয়। নিশাই কাঠভৰ্তি ট্ৰাকখন ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনকো আৰক্ষীয়ে আটক কৰে ৷ উক্ত ঘটনাৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ধৃত চালকজনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে চালকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে চালকজনে বৰ্ণিহাটৰ পৰা সান্ধ্য আইনৰ সুযোগ লৈ নথি-পত্ৰ অবিহনে পাইন কাঠখিনি অনা বুলি স্বীকাৰ কৰিছে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-চাহ বাগিচালৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক: মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.