ETV Bharat / crime

অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট আৰক্ষীৰ

author img

By

Published : Jul 14, 2021, 9:12 PM IST

বিলাসীপাৰাত অবৈধ চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে আবকাৰী বিভাগৰ (Excise Department) অভিযান ৷ উক্ত অভিযানত 10 টাকৈ চুলাই ঘাটি উৎখাত কৰাৰ লগতে ৩১০০ লিটাৰ চুলাই মদ নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷

Police crackdown on illegal lacquer At Bilashipara,Dhubri District
অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই মদ নষ্ট

পশ্চিম বিলাসীপাৰা,14 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাইৰ মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষীৰ লগতে আবকাৰী বিভাগ (Excise Department)। ইতিমধ্যে জিলা খনত লাখ লাখ টকাৰ ড্ৰাগছ সহ কেইবাটাও ড্ৰাগছ মাফিয়াক গ্ৰপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বুধবাৰে পুনৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত অবৈধভাৱে গঢ় লৈ উঠা চুলাই মদৰ ঘাটি সমূহৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই এটা অভিযান ।

বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত সুগাতা গোস্বামী, শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত শৰ্মা আৰু চিআৰপিএফ (CRPF)ৰ সহযোগত আবকাৰী বিভাগৰ লোক সকলে চলাই এই অভিযান ৷ এই অভিযানত বিলাসীপাৰাৰ বিভিন্ন স্থানৰ পৰা ১০ টাকৈ অবৈধ চুলাইৰ ঘাটি উচ্ছেদ কৰে । ইয়াৰোপৰি অভিযান কাৰী দলটোৱে মহকুমাটোৰ কামাৰপাৰা, হাতীপোতা আৰু ৰাভাপাৰাৰ এলেকাৰ পৰা নষ্ট কৰে ১১০ লিটাৰ অবৈধ সুৰা, ৩১০০ লিটাৰ চুলাই মদ আৰু পাচৈ ৭৫০ কিল'গ্ৰাম ৷

অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই মদ নষ্ট

অবৈধ চুলাই ভাটি নষ্ট কৰাৰ উপৰিও চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত বিভিন্ন সামগ্ৰী আৰক্ষীয়ে ধ্বংস কৰে । অৱশ্যে আৰক্ষীৰ এই অভিযানৰ কথা উমান পাই চুলাই সৰবৰাহকাৰী কেইটা পলায়ন কৰে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

ইয়াৰ সমান্তৰালকৈ বুধবাৰে পুৱাৰে পৰা তিনিচুকীয়া জিলাৰ কাকপথাৰতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ চুলাই বিৰোধী অভিযান ৷ এটা গোপন সূত্ৰৰ পম খেদি কাকপথাৰ আৰক্ষীৰ এটা দলে ডুমডুমা বন সংমণ্ডল অধীনৰ কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডাঙৰী বনাঞ্চলত পুৱাৰে পৰা ধাৰাষাৰ বৰষুণকো নেওচি এটা অভিযান চলায় ৷

এই অবৈধ চুলাই বিৰোধী অভিযানত প্ৰায় 9 হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে 9 টাকৈ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে ৷ অৱশ্যে চুলাই সৰবৰাহকাৰী সকলে আৰক্ষী আহাৰ উমান পাই পলায়ন কৰে ৷ যেতিয়ালৈ এই অবৈধ চুলাই সৰবৰাহ বন্ধ নহয় তেতিয়ালৈ তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষীয়ে সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক-অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.