ETV Bharat / crime

ডিফুৰ ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন আচামীৰ

author img

By

Published : Jun 26, 2021, 11:12 AM IST

ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Diphu Medical College Hospital)ত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিলে এজন আচামীয়ে ৷ আচামীজনৰ সন্ধানত ইতিমধ্যে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

one-covid-patient-escape-from-covid-ward-in-diphu
ডিফুৰ ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন আচামী

ডিফু, 26 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পাহাৰিয়া জিলা কাৰ্বি আংলঙতো (Karbi Anglong ) ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ আক্ৰান্ত লোক সকলক ক'ভিড চিকিৎসালয়ত চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ একাংশ অসচেতন ব্যক্তিৰ কৰ্মজ্ঞানহীন কাণ্ডৰ বাবেই হয়তো কৰ'ণা বিয়পাৰ এটা অন্যতম প্ৰধান কাৰণ বুলি সচেতন লোক সকলে মন্তব্য কৰিছে ৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Diphu Medical College Hospital) ৷

ক'ভিডত আক্ৰান্ত হৈ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এজন আচামীক ৷ কিন্তু হাস্পতালখনৰ ক'ভিড ৱাৰ্ডৰ পৰা শুকুৰবাৰে পলায়ন কৰে আচামীজনে ৷ পলায়ন কৰা আচামীজনৰ নাম হৈছে সন্তোষ সিং ৷

উল্লেখ্য যে, যোৱা ১২ জুনত আৰক্ষীয়ে ডিফুৰ মাটিপুঙৰ পৰা নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল সন্তোষ সিঙক ৷

ধৃত লোকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ক’ভিডত আক্ৰান্ত হোৱা বুলি ৰিপৰ্ট পোৱাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ শুকুৰবাৰে নিশা ক’ভিড ৱাৰ্ডৰ পৰাই পলায়ন কৰে আচামী সন্তোষ সিঙে ৷ হাস্পতালখনৰ ক'ভিড ৱাৰ্ডৰ পৰা এনেদৰে ক’ভিডত আক্ৰান্ত আচামীৰ পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ বৰ্তমান আচামী গৰাকীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷

কৰ'ণা মহামাৰীয়ে (Covid-19) সমগ্ৰ দেশ তথা ৰাজ্যত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে কৰ'ণাত আক্ৰান্ত হৈ লাখ লাখ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে বহু লোক ৷ অকল সেয়াই নহয় যিবোৰ অঞ্চলত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে সেই অঞ্চলসমূহ চৰকাৰ তথা প্ৰশাসনে কন্টেইনমেন্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰিছে ৷ তাৰোপৰি কৰ'ণা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে প্ৰায়বোৰ ৰাজ্যতে লকডাউন তথা আংশিক লকডাউন বলৱৎ কৰা হৈছে ৷

লগতে পঢ়ক-সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.