ETV Bharat / crime

Robbery in Guwahati: স্মাৰ্ট আৰক্ষীৰ স্বৰূপ উদঙাইছে কিৰণশ্ৰী ৰেচিডেন্সিৰ ঘটনাই

author img

By

Published : Apr 5, 2022, 10:12 PM IST

24 ঘণ্টা পাৰ হৈ গ’ল মহানগৰীৰ কিৰণশ্ৰী ৰেচিডেন্সিত সংঘটিত ডকাইতি ঘটনাৰ (Robbery in Guwahati) ৷ চিচিটিভিৰ ফুটেজ লাভ কৰাৰ পিছতো এই পৰ্যন্ত ডকাইতৰ দলটোৰ শুংসূত্ৰ উলিয়াব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে ৷

Robbery in Guwahati
স্মাৰ্ট আৰক্ষীৰ স্বৰূপ উদঙাইছে কিৰণশ্ৰী ৰেচিডেন্সিৰ ঘটনাই

গুৱাহাটী, ৫ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ বিলাসী ৰেছিডেন্সিত সোমবাৰে দিন-দুপৰতে সংঘটিত ডকাইতি ঘটনাৰ ২৪ ঘন্টাৰ পাৰ হ’ল (Robbery in Guwahati)। মহানগৰ স্মাৰ্ট আৰক্ষীয়ে(Guwahati city police) এই পয্যন্ত ঘটনাৰ কোনো শুংসূত্ৰ লাভ কৰা নাই । পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছাত্ৰীবাৰীৰ এইচএচৰোডৰ বিলাসী কিৰণশ্ৰী ৰেচিডেন্সিত সোমবাৰে সংঘটিত হৈছিল দিন ডকাইতি ঘটনা ।

স্মাৰ্ট আৰক্ষীৰ স্বৰূপ উদঙাইছে কিৰণশ্ৰী ৰেচিডেন্সিৰ ঘটনাই

ইফালে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ভুক্তভোগী গৌতম চাজেৰে দাখিল কৰিছে এজাহাৰ । এজাহাৰ ভিত্তিত ১৮৬/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে । চিচিটিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিত তদন্ত চলাই থকা আৰক্ষীয়ে এই পর্যন্ত দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই । তাপৰ্যপূৰ্ণ কথা যে ৰেছিডেন্সিটোত নিয়োজিত চিকিউৰিটিয়ে চাৰিজনীয় দুৰ্বৃত্ত দলটোৰ এগৰাকীক কেইদিনমান পূৰ্বে সেই স্থানত দেখিছিল বুলিও আৰক্ষীক অৱগত কৰিছে । অৰ্থাৎ ডকাইতৰ দলটোৰ এটা দুৰ্বৃত্ত ৰেছিডেন্সিটোলৈ পূৰ্বতেও আহিছিল ৷ এই কথা জনাইছে তদন্তকাৰী আৰক্ষীয়ে ।

ডকাইতৰ দলটোৱে হিন্দী ভাষাতে গৃহস্থক নিৰ্দেশ দিছিল কিন্তু নিজৰ মাজত অসমীয়াত কথা পাতিছিল । উল্লেখ্য যে, এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাত বাস কৰিছিল গৌতম চাজেৰ । দিন-দুপৰতে চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চাজেৰ ঘৰত প্ৰৱেশ কৰি লুটপাত চলাইছিল । ভুক্তভোগীৰ অভিযোগ অনুসৰি প্ৰায় ২০ লাখ টকা লুটি নিছে ডকাইতৰ দলটোৱে । তাৰ ভিতৰত নগদ ১১ লাখ টকা আৰু বাকীসমূহ সোণৰ আ-অলংকাৰ ।

উল্লেখ্য যে, সোমবাৰে দিনৰ প্ৰায় ১১.৫০ বজাত এই ঘটনা সংঘটিত হৈছিল । ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত ব্যৱসায়ী গৌতম চাজেৰ পত্নী, মাতৃ, সন্তান আৰু এগৰাকী শিক্ষয়ত্ৰীও আছিল ।

লগতে পঢ়ক: নতুন সংগঠন জন্ম দিয়াৰ যো-জা চলাই গ্ৰেপ্তাৰ দুজন NLFB কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.