ETV Bharat / city

জাতীয়তাবাদী ৰাজনৈতিক দল: আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

author img

By

Published : Aug 20, 2020, 3:45 AM IST

Updated : Aug 20, 2020, 5:05 AM IST

আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী
আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

গঠন কৰি দিয়া কমিটীখনত উপদেষ্টা হিচাপে আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ নগেন শইকীয়া আৰু বিশিষ্ট গ্ৰন্থাকাৰ তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক ড৹ অৰূপ কুমাৰ দত্ত ৷

তিনিচুকীয়া, 19 আগষ্ট : গঠন হোৱাৰ দিশে সদৌ অসম ছাত্ৰ সন্থাৰ বহু চৰ্চিত জাতীয়তাবাদী ৰাজনৈতিক দল ৷ ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজৰ বাবে গঠন হ’ল আছুৰ পৰামৰ্শদাতা সমিতি ৷ ড০ নগেন শইকীয়াক উপদেষ্টা হিচাপে লৈ গঠিত হোৱা সমিতিখনৰ ভিতৰত আছে ৰাজ্যখনৰ বহু বৰেণ্য ব্যক্তি ৷ এই সমিতিখনে প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক সমন্বয়কৰ দায়িত্ব প্ৰদান কৰিছে ৷

আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

অন্যান্য সদস্যসকলৰ ভিতৰত আছে, বিএছএফৰ প্ৰাক্তন মহানিৰ্দেশক আৰু কেৰালা আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান; সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তথা মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰী ৰণজিৎ শেখৰ মুছাহাৰী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক তথা নিৰ্মাতা জাহ্নু বৰুৱা, প্ৰাক্তন আইএএছ বিষয়া তথা অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ প্ৰাক্তন আয়ুক্ত সচিব ধীৰেন শইকীয়া, এছএছ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গড়গাঁও কলেজৰ পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপক আলী হাইদৰ লস্কৰ, অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি তথা তিনিচুকীয়া কলেজৰ প্ৰাক্তন সহকাৰী অধ্যাপক ৰাণা চাংমাই, গোৱালপাৰা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা অৰ্থনীতি বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপক আবু ছাদিহ ৰফিকউদ্দিন আহমেদ, বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভা, সাংবাদিক তথা ডিমা হাচাও প'ষ্টৰ সম্পাদক সূৰ্য থাওছেন, প্ৰাক্তন এছিএছ বিষয়া হুছেইন আহমেদ লস্কৰ, গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰণৱজ্যোতি শইকীয়া আৰু ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিক প্ৰদীপ কোঁচ ৷

আহ্বায়ক হিচাপে আছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক তথা আগশাৰীৰ প্ৰদূষণবিদ ড৹ কৃষ্ণগোপাল ভট্টাচাৰ্য্য ৷

আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

অসমৰ আঞ্চলিক ৰাজনীতিত অসম গণ পৰিষদ গঠনৰ 35 বছৰ পিচত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থনত পুনৰ ৰাজ্যত এক নতুন শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ 1985 চনৰ অসম চুক্তি স্বাক্ষৰকে ধৰি ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বত এইটো ৰাজনৈতিক দল গঠনৰ বাবে বুধবাৰে এইদৰে গঠন কৰি দিয়া হয় উপদেষ্টা কমিটীখন ৷

Last Updated :Aug 20, 2020, 5:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.