ETV Bharat / city

ৰাজ্যৰ বিভিন্ন স্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানি

author img

By

Published : May 23, 2022, 1:30 PM IST

Updated : May 23, 2022, 2:31 PM IST

drugs-burmese-opium-seized-in-different-parts-of-assam
ৰাজ্যৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানিস্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ আৰু কানি

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ অসম আৰক্ষীয়ে পুনৰ বৰপেটাৰোড, অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীৰ নাকা পইণ্টত আৰু তিনিচুকীয়াৰ তালপথাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানি জব্দ কৰে ৷

নিউজ ডেস্ক, 23 মে’: দেওবাৰে বৰপেটাৰোডত ড্ৰাগছ বিৰোধী অভিযান চলাই কন্টেইনাৰ ভৰ্তি ড্ৰাগছসহ তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰে ৷ ঘটনা অনুসৰি, বৰপেটাৰোড চহৰৰ ২ নং ৱাৰ্ডত ভাৰাতীয়া হিচাপে থকা সিদ্ধাৰ্থ ব্ৰহ্মৰ পৰা বাক্সাৰ শালবাৰীৰ ভকুৱামাৰী গাঁৱৰ দুই যুৱক শ্বফি আলম,মুজামুল উদ্দিনে ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল ৷

সেইসময়তে যুৱক তিনিজনৰ মাজত কোনো কাৰণত কাজিয়া সূত্ৰপাত হয় ৷ স্থানীয় লোকে এই কাজিয়া প্ৰত্যক্ষ কৰি সোধাপোছা কৰাত ড্ৰাগছ ব্যৱসায়ী বুলি সন্দেহ কৰি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক তিনিজনক আটক কৰাৰ (Drug smuggler arrested by Barpeta Road Police) লগতে 48.21 গ্ৰাম ড্ৰাগছ জব্দ কৰে (Drugs seized at Barpeta Road) ৷

drugs-burmese-opium-seized-in-different-parts-of-assam
ৰাজ্যৰ বিভিন্ন স্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানি

ড্ৰাগছ ব্যৱসায় কৰা যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে 28 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, 2 টা মোবাইল ফোন আৰু এখন বাইকো জব্দ কৰে ৷ ইফালে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীৰ নাকা পইণ্টত দেওবাৰে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Burmese seized by Khatkhti Police) ।

জানিব পৰা মতে, খটখটী আৰক্ষীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত খটখটি এছ বি আই শাখাৰ সন্মুখত চলোৱা নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা চিলাপথাৰ অভিমূখে গৈ থকা AR-11B-3408 নম্বৰৰ যাত্ৰীবাহী নৈশ বাছখত তালাচী চলাই অবৈধভাৱে সৰবৰাহ কৰি অহা বাৰ্মিজ সামগ্ৰীৰ প্ৰায় শতাধিক কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় ।

drugs-burmese-opium-seized-in-different-parts-of-assam
ৰাজ্যৰ বিভিন্ন স্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানি

জব্দ হোৱা সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে । আনহাতে, একেদিনাই বৰডুমচাৰ আৰক্ষী থানাৰ বিষয়া নিতু চাংমাই নেতৃত্বত চলোৱা অভিযানত তালপথাৰ পৰা বৃহৎ পৰিমাণৰ কানি সহ এজন লোকক আটক কৰে (Opium seized by Bordumsa Police) ৷

drugs-burmese-opium-seized-in-different-parts-of-assam
ৰাজ্যৰ বিভিন্ন স্থানত জব্দ ড্ৰাগছ, বাৰ্মিজ সামগ্ৰী আৰু কানি

আটকাধীন কানি ব্যৱসায়ীজন ৰাজেন মৰাণ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে লোকজনৰ বিৰুদ্ধে বৰডুমচা আৰক্ষী থানাত 20/2022,17(C)/29 NDPS ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ

Last Updated :May 23, 2022, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.