ETV Bharat / city

ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত নিৰ্বাচনী বিষয়াৰ বিশেষ পদক্ষেপ

author img

By

Published : Dec 12, 2020, 1:07 PM IST

clean_election_ Awerness
ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত নিৰ্বাচনী বিষয়াৰ বিশেষ পদক্ষেপ

তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তৰ নিৰ্বাচনী বিষয়া ৰশ্মি প্ৰতাপে ২০২১ ৰ নিৰ্বাচনটো নিকা কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ভোটাৰ ৰাইজৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবেই এই পদক্ষেপ লৈছে নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

তিনিচুকীয়া, 12 ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তৰ তথা নিৰ্বাচনী বিষয়া ৰশ্মি প্ৰতাপে ২০২১ ৰ নিৰ্বাচনটো নিকা কৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰশাসনে লৈছে কিছু বিশেষ ব্যৱস্থা। ইয়াৰ সমান্তৰালভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ যাতে বেমেজালি সংঘটিত নহয়, তাৰ বাবে আজি তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰশ্মি প্ৰতাপে (নিৰ্বাচনী বিষয়া) লৈছে এক বিশেষ পদক্ষেপ।

ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত নিৰ্বাচনী বিষয়াৰ বিশেষ পদক্ষেপ

তিনিচুকীয়াৰ গুইজানত নদীৰ বালিচৰাত সংসদ, ৰাষ্ট্ৰীয় পতাকা,ভেলিটিং ইউনিট আৰু ভোট দিয়া দৃশ্য অংকন কৰি ৰাইজক সজাগ আৰু সচেতন কৰাৰ চেষ্টা চলায়। তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জিলাখনত নিৰ্বাচনী প্ৰক্ৰিয়া এক নিকাকৈ গঢ়ি তোলাৰ উদ্দেশ্যে সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰে ৷ লগতে ভোটাৰে সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে (১৮) বছৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনাব পাৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক- নলবাৰীত আছুৰ ক’লা দিন পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.