টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

author img

By

Published : Sep 22, 2021, 8:12 AM IST

Swarnim Vijay Mashaal reaches Tawang in Arunachal

1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ 50 বছৰৰ স্মৃতিত, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা 16 ডিচেম্বৰ 2020 তাৰিখে ফ্লেগ অফ কৰা হৈছিল এই স্বৰ্নিম বিজয় মাছাল(বিজয় শিখা)ৰ ৷

তেজপুৰ, 22 ছেপ্তেম্বৰ : মঙলবাৰে টাৱাংবাসীৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ পুৱাৰ ভাগত সীমান্ত পৰিদৰ্শন কৰি বিজয় শিখাক এছিয়াৰ প্ৰসিদ্ধ বুদ্ধ প্ৰতিমূৰ্তি টাৱাং মঠ আৰু মঞ্জুশ্ৰী বিদ্যাপীঠৰ অন্তৰ্ভুক্ত কৰিবলৈ চহৰখনৰ এটা শিখৰলৈ লৈ যোৱা হৈছিল ৷ প্ৰসিদ্ধ টাৱাং মঠত বিজয় শিখাক ৰিনপোচে আৰু বুদ্ধ সন্ন্যাসীসকলে আশীৰ্বাদ কৰা দৃশ্য পৰিলক্ষিত হয় ৷

Swarnim Vijay Mashaal reaches Tawang in Arunachal
টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰাৰ পিছত স্বৰ্ণিম বিজয় শিখাক মঞ্জুশ্ৰী বিদ্যাপীঠলৈ লৈ যোৱা হয় ৷ মঞ্জুশ্ৰী বিদ্যাপীঠত শিক্ষাৰ্থীসকলে চিত্ৰৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে ৷ এই প্ৰদৰ্শনী সকলোৰে বাবে মুকলি আছিল ৷

Swarnim Vijay Mashaal reaches Tawang in Arunachal
টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

আনহাতে, টাৱাং ষ্টেডিয়ামত দিনযোৰা কাৰ্যসূচীৰে কেইবাটাও স্মাৰক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ য'ত টাৱাং চহৰ আৰু কাষৰীয়া অঞ্চলৰ বহুসংখ্যক লোকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে ৷

Swarnim Vijay Mashaal reaches Tawang in Arunachal
টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

উক্ত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰী, স্থানীয় সাংস্কৃতিক দল আৰু সেনাৰ তৰফৰ পৰা কেইবাটাও সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে প্ৰাক্তন সৈনিক, বীৰাংগনাসকলক সম্বৰ্ধনা জনোৱা হয় ৷

Swarnim Vijay Mashaal reaches Tawang in Arunachal
টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতীয় সেনাৰ পঞ্চম মাউণ্টেইন ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং আৰু মুখ্যমন্ত্ৰীয়ে সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ 'স্বৰ্ণিম বিজয় বৰ্ষ'ৰ তাৎপৰ্য বিশ্লেষণ কৰে ৷

Swarnim Vijay Mashaal reaches Tawang in Arunachal
টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

লগতে পঢ়ক : Operation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.