ETV Bharat / city

মিছামাৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বান্ধ

author img

By

Published : Mar 24, 2021, 12:24 PM IST

মিছামাৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বান্ধ
মিছামাৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বান্ধ

শোণিতপুৰৰ মিছামাৰীৰ গাভৰু নৈ গৰাখনীয়া প্ৰতিৰোধৰ পদক্ষেপ স্থানীয় ৰাইজৰ ৷ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বান্ধ ৷

ৰঙাপৰা, 24 মাৰ্চ: বাৰিষালৈ আৰু বেছি নাই । ফলত নৈপৰীয়া মিছামাৰীৰ বঙালগাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙালগাঁৱৰ ৰাইজে আজিকোপতি গাভৰু নদীৰ গৰাখনীয়াৰ পৰা পৰিত্ৰাণ নোপোৱাত শংকিত আৰু ক্ষুব্ধ হৈ পৰিছে ৷ ইতিমধ্যে বঙালগাৱঁৰ কেইবাটাও পৰিয়ালৰ মাটি-ভেটি গাভৰু নদীত জাহ গৈছে ৷

মিছামাৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বান্ধ

বিগত প্ৰায় ১৫ বছৰ ধৰি অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীৰ গৰাখনীয়া অব্যাহত আছে যদিও নৈপৰীয়া ৰাইজক বান-গৰাখনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ হাতত গ্ৰহণ কৰা নাই ৷ ফলত মিছামাৰীৰ বঙালগাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নৈ খনৰ গৰাখনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা হাতত লৈছে ৷ বিগত পাঁচটা বছৰে মাটি-ভেটি ৰক্ষা কৰাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰখনে নৈখনৰ গৰাখনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থাৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ দিব্যাংগসকলক লৈ দলৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.