ETV Bharat / city

মিছামাৰীত ৰাইজৰ সমস্যাৰ বুজ ল'লে জিলা উপায়ুক্তই

author img

By

Published : May 20, 2019, 7:26 PM IST

মিছামাৰীত ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ উপস্থিত হ'ল জিলা উপায়ুক্ত ৷ ভাৰতীয় সেনা ছাউনীয়ে যধে - মধে পকীবেৰ নিৰ্মাণ কৰাক লৈ উত্তাল হৈ আছিল অঞ্চলটোৰ একাংশ ৰাইজ ৷

মিছামাৰীত ৰাইজৰ সমস্যাৰ বুজ ল'লে জিলা উপায়ুক্তই

তেজপুৰ, 20 মে': মিছামাৰীত ভাৰতীয় সেনা ছাউনীয়ে যধে - মধে পকীবেৰ নিৰ্মাণক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অঞ্চলটোত ৷ সংবাদ মাধ্যমৰ আগত এই কাৰ্যৰ বিৰোধিতা কৰিছিল অঞ্চলটোৰ একাংশ লোকে ৷ ইয়াৰ পাছতে ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ মিছামাৰীত উপস্থিত হয় জিলা উপায়ুক্ত ৷

মিছামাৰীত ৰাইজৰ সমস্যাৰ বুজ ল'লে জিলা উপায়ুক্তই

উল্লেখ্য যে, ওচৰতে থকা গাভৰু নদীত অঞ্চলটোৰ বহুকেইখন পূজা সমিতিয়ে মূৰ্তি বিসৰ্জন দিয়ে যদিও এনেদৰে পকীবেৰ নিৰ্মাণ কৰাৰ ফলত বিবুধিত পৰিছে পূজা সমিতিকেইখন ৷

Intro:মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ চৌহদৰ পকীবেৰ নিৰ্মাণৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ চৰজমিন তদন্তঃ বুজ ললে ৰাইজৰ সমস্যা।Body:মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ চৌহদৰ পকীবেৰ নিৰ্মাণৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ চৰজমিন তদন্তঃ বুজ ললে ৰাইজৰ সমস্যা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.