Pending electricity bill: পৌৰসভাই এন্ধাৰ মাতিছে শিৱসাগৰ চহৰলৈ

author img

By

Published : Aug 3, 2022, 4:45 PM IST

Updated : Aug 3, 2022, 6:22 PM IST

Pending electricity bill

শিৱসাগৰ পৌৰসভাই শক্তি বিভাগক দিবলৈ আছে কোটি টকাৰ বিদ্যুৎ মাচুল (Pending electricity bill of Sivsagar municipality) ৷ নগৰৰ হাইমাষ্ট লাইটৰ বিদ্যুৎ সংযোগ আৰু নগৰৰ পানী যোগান প্ৰকল্প দুখনৰ বিদ্যুৎ সংযোগ কৰ্তনৰ সম্ভাৱনা ৷ ঐতিহাসিক শিৱ দ'লৰ বিদ্যুৎ মাচুল বাকী আছে চাৰি লাখ টকা ৷ শীঘ্ৰে অন্ধকাৰময় হ'ব শিৱ দ'ল চৌহদ ৷

শিৱসাগৰ, 03 জুলাই: বিজেপি চৰকাৰৰ ঘৰে ঘৰে ২৪ ঘণ্টা বিদ্যুতৰ শ্ল’গান ধোঁৱা চাঙত উঠাৰ পাচত এইবাৰ চৰকাৰী বিভাগ সমূহৰ বিৰুদ্ধে বিজুলী বিভাগে অভিযান আৰম্ভ কৰিছে । শিৱসাগৰ পৌৰসভাৰ বিজুলী বিল প্ৰায় এক কোটি বিশ হাজাৰ টকা অনাদায় হৈ থকা অৱস্থাত শক্তি বিভাগে কৰ্তন কৰিলে নগৰৰ ২২ টা হাইমাষ্ট লাইটৰ বিদ্যুৎ সংযোগ (Pending electricity bill of Sivsagar municipality) ।

পৌৰসভাই আন্ধাৰ মাতিছে শিৱসাগৰ নগৰলৈ

বিজেপি চৰকাৰে সৌ সিদিনা আড়ম্বৰপূৰ্ণভাৱে ঢোল-খোল বজাই নগৰৰ তিনি আলি চাৰি আলিত স্থাপন কৰিছিল পোহৰৰ খেল । ওখ ওখ গম্বুজ স্থাপন কৰি সংযোগ কৰিছিল আন্ধাৰ দূৰ কৰিব পৰা হাইমাষ্ট লাইট (High mast light in Sivsagar) । শিৱসাগৰ পৌৰ সভাৰ অধীনত স্থাপন কৰা এই লাইট সমূহ উদ্বোধন কৰিছিল সাংসদ তপন গগৈয়ে । কিন্তু পোহৰৰ খেল এবছৰ হ'ল কি নহ'ল কালি শিৱসাগৰ বিজুলী বিভাগে কৰ্তন কৰিলে এনে ২২ টা হাইমাষ্ট লাইটৰ বিদ্যুত সংযোগ (Power cut in Sivsagar town)।

কিয়নো এই লাইট সমূহৰ বাবদ শিৱসাগৰ পৌৰ সভাই দিবলৈ আছে ৩৪ লাখ ১৪ হাজাৰ ৩১১ টকা । পৌৰসভাই বিগত এবছৰে শক্তি বিভাগক দিব পৰা নাই হাইমাক্স লাইটৰ বিল ।

সেইদৰে শিৱসাগৰ পৌৰসভাই শক্তি বিভাগক নগৰীয়া পানী যোগান প্ৰকল্প দুখনৰ বাবদ দিবলৈ আছে ৭৭ লাখ ৮৭ হাজৰ ৫৯ টকা (Pending electricity bill of water projects) । অনাদায় এই বৃহৎ ৰাশি পৌৰসভাই অনতিপলমে পৰিশোধ নকৰিলে পানী যোগান প্ৰকল্প দুটাৰ বিদ্যুৎ সংযোগ শীঘ্ৰে কৰ্তন কৰাৰ হুংকাৰ দিছে শক্তি বিভাগে । ফলত পৌৰসভাৰ গাফিলতিৰ বাবে শিৱসাগৰ নগৰৰ ৰাইজে এটুপি খোৱাপানীৰ বাবে আগন্তুক সময়ত হাহাকাৰ কৰিব লাগিব সেয়া নিশ্চিত হৈ পৰিছে ।

শিৱসাগৰ পৌৰসভাই কৰদাতা ৰাইজৰ পৰা পৌৰ কৰ সময় অনুসৰি সংগ্ৰহ কৰি অহাৰ পাছতো কিয় বিজুলী বিলৰ নামত ইমান বৃহৎ ৰাশিৰ মাচুল অনাদায় হৈ আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে । শিৱসাগৰ পৌৰসভাৰ অনাদায় কোটি টকাৰ বিদ্যুৎ মাচুলৰ লগতে বিশ্বাস আৰু আস্থাৰ প্ৰতীক শিৱ দ'ল, দেৱী দ'ল আৰু বিষ্ণু দ'লৰ বিদ্যুৎ সংযোগৰ নামত অনাদায় হৈ আছে প্ৰায় ৪ লাখ ২০ হাজাৰ টকা (Historic monuments of Sivsagar) ।

স্বয়ং জিলা উপায়ুক্ত গৰাকী দ'ল উন্নয়ন সমিতিৰ সভাপতিৰূপে থকাৰ পাছতো বিদ্যুৎ মাচুলৰ বাবদ লাখ লাখ টকা অনাদায় হৈ ৰৈছে । ৰাইজৰ ভক্তি আৰু আস্থাৰ প্ৰতীক শিৱ দ'লৰ অনাদায় বিদ্যুৎ মাচুলৰ পৰিমাণ হৈছে প্ৰায় দুই লাখ টকা ।

বিজুলী বিভাগে এই মাচুল পৰিশোধ নকৰিলে তিনিওটা দ'লৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ হুংকাৰ দিছে শক্তি বিভাগে । শিৱসাগৰ পৌৰসভাৰ গাফিলতিৰ বাবে অনাদায় কোটি টকাৰ বিদ্যুৎ মাচুলৰ বাবে এতিয়া শিৱসাগৰ নগৰৰ ৰাইজে যাতনা ভুগিব লগীয়া হোৱাৰ লগতে প্ৰায় তিনিশ বছৰীয়া দ'ল তিনিটাৰ চৌহদ অন্ধকাৰত ডুব যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক : Drinking water supply project: 15 ঘৰলৈহে জাইকাৰ পানী

Last Updated :Aug 3, 2022, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.