ETV Bharat / city

শিৱসাগৰত উদ্ধাৰ হোৱা গৰুক লৈ তৎপৰ পিপুল ফৰ এনিমেল

author img

By

Published : Oct 7, 2022, 10:11 PM IST

শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰৰ পৰা আৰক্ষীয়ে 4 খন গৰু ভৰ্তি বলেৰ’ বাহন জব্দ কৰে(Cattle seized in Sivasagar) ৷ এই খবৰ পোৱাৰ লগে লগে গৰুকেইটাৰ সুৰক্ষা আৰু স্বাস্থ্যৰ বুজ ল’বলৈ শিৱসাগৰৰ পশুপ্ৰেমী তথা পিএফএ কৰ্মী উপস্থিত হৈ গৰুকেইটাৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰে (PFA volunteers busy taking care of Cattle) ৷

PFA volunteers busy taking care of Cattle seized by Sivasagar police
শিৱসাগৰত উদ্ধাৰ হোৱা গৰুক লৈ তৎপৰ পিএফএ

শিৱসাগৰ, 7 অক্টোবৰ: শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰ নগৰৰ মাজ-মজিয়াৰ বনীয়াবাৰী চাৰি আলিৰ পৰা আৰক্ষীয়ে জব্দ কৰে 4 খন গৰু ভৰ্তি বলেৰ’ পিকআপ বাহন (Cattle seized by Sivasagar police) ৷ চিলা পথাৰৰ পৰা শিৱসাগৰ হৈ নাগালেণ্ডলৈ যোৱাৰ সময়তেই আৰক্ষীৰ অভিযানত জব্দ হয় গৰু ভৰ্তি বাহন কেইখন (Cattle seized in Sivasagar) ৷ সম্প্ৰতি এই ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিৱসাগৰ আৰক্ষী থানাত উপস্থিত হৈ পিপুল ফৰ এনিমেলৰ (Volunteers of the People For Animals) সদস্যৰ লগতে জিলা পশুপালন বিভাগৰ কৰ্মচাৰীসকল জব্দকৃত গৰুকেইটাৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰে (PFA volunteers save cattle) ৷ লগতে শিৱসাগৰ পশুপালন বিভাগে উদ্ধাৰ কৰা গৰুকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত পশু চিনাক্তকৰণ টেগ প্ৰদান কৰি যোৰহাটৰ গোশালালৈ প্ৰেৰণ কৰা হয় (PFA volunteers busy taking care of Cattle) ।

শিৱসাগৰত উদ্ধাৰ হোৱা গৰুক লৈ তৎপৰ পিএফএ

ইফালে, পিএফএৰ সৰ্বভাৰতীয় মুৰব্বী মেনকা গান্ধীয়ে এই গৰুকেইটাৰ সুৰক্ষা আৰু স্বাস্থ্যৰ বুজ ল’বলৈ শিৱসাগৰৰ পশুপ্ৰেমী তথা পিএফএ কৰ্মী জোনাকী বুঢ়াগোহাঁইক ফোন কৰাৰ লগতে শিৱসাগৰ আৰক্ষীকো গৰুকেইটা উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জনায় ।

যি সময়ত অমানূষিক আচৰণ কৰি একাংশই অবুজ পশুক অত্যাচাৰ কৰি আহিছে সেই সময়ত শিৱসাগৰৰ পিএফএ কৰ্মী জোনালী বুঢ়াগোঁহাই, অংকিতা মিলি, ডেৰমীৰ পাটিৰি, ৰাজ মিলি আৰু নন্দিতা লাচনৰ এনে তৎপৰতাক ৰাইজে শলাগ লয় ।

লগতে পঢ়ক: শিৱসাগৰত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.