ETV Bharat / city

আমগুৰিত জীৱন্ত লোকক মৃত ঘোষণা কৰাক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 8, 2019, 9:42 PM IST

আমগুৰি সামূহিক চিকিৎসালয়ত জীৱন্ত যুৱকক মৃত ঘোষণা কৰাক লৈ উত্তপ্ত হৈ পৰিছে চিকিৎসালয়খন। পাছত যুৱকজনক জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে ।

জীৱন্তক মৃত ঘোষণা কৰাত উত্তপ্ত চিকিৎসালয়

আমগুৰি, ৮ মে': আমগুৰিৰ বৰবাম চাহ বাগিচাৰ দেৱচৰণ তাঁতীৰ পুত্ৰ প্ৰিয়ম তাঁতী হঠাৎ অচেতন হৈ পৰাত ভৰ্তি কৰোৱা হৈছিল আমগুৰি সামূহিক চিকিৎসালয়ত। কিন্তু তিনিজনকৈ চিকিৎসকে মৃত ঘোষণা কৰাৰ পাছতো যুৱকজনে বমি কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত।পুনৰ সেইখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয় যদিও পুনৰ চিকিৎসকে মৃত বুলি দাবী কৰে।

জীৱন্তক মৃত ঘোষণা কৰাত উত্তপ্ত চিকিৎসালয়

ইয়াৰ পাছতে যুৱকজনক জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। কিন্তু আমগুৰিৰ চিকিৎসকে মৃত ঘোষণা কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক।

*আমগুৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি*
Story-HOSPITAL_DISORDER
Ananta Smith
Sivasagar
08th May

A_SVR_08TH_MAY_805-806_HOSPITAL_DISORDER_7203499

আমগুৰি সামূহিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

বৰবাম চাহ বাগিচাৰ দুই শতাধিক লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ

বাগিচাখনৰে প্ৰিয়ম তাঁতী নামৰ এজন ছাত্ৰক চিকিৎসকে মৃত ঘোষণা কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

আমগুৰি অৰুণোদয় একাডেমীৰ বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল প্ৰিয়ম তাঁতী

ঘটনা অনুসৰি আজি পুৱা ১০ বজাত বৰবাম বাগিচাৰ পকা লাইনৰ দেৱচৰণ তাঁতীৰ পুত্ৰ প্ৰিয়ম তাঁতী (১৮) ৰ নিজা ঘৰৰপৰা কিছুদূৰত দৌৰী আহোতে ওপৰমুখ কৰি পৰি যায়। ফলত অচেতন হৈ পৰে। ঘটনাৰ কিছু সময়ৰ পিছত স্থানীয় একাংশ লোকে প্ৰিয়মক পৰি থকা দেখি ততাতীয়াকৈ আমগুৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পৰৱৰ্তী সময়ত যুৱকজনক সৎকাৰৰ ব্যৱস্থা কৰিবলৈ লওতেই কিছুলোক যুৱকজনৰ বুকুত হেচা দিয়াত বমি কৰি দিয়ে। ফলত যুৱকজন জীয়াই আছে বুলি পুনৰ চিকিৎসালয়লৈ আনে। এইবাৰো চিকিৎসকে মৃত ঘোষণা কৰে।

ৰাইজৰ দাবী  যুৱকজন জীয়াই আছে।ডাক্তৰে মিছা মাতিছে।ফলত চিকিৎসালয়ৰ চৌহদত হুৱাদুৱা উত্তপ্ত পৰিস্থিতি। ইয়াৰ মাজতে পুনৰ যুৱকজনক ১০৮ সেৱাৰ যোগেদি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জয়সাগৰতো চিকিৎসকে মৃত ঘোষণা কৰে।

স্মতব্য যে আমগুৰিৰ তিনিজনকৈ চিকিৎসকে মৃত ঘোষণা কৰা পিছতো স্থানীয় একাংশই যুৱকজন জীয়াই থকা বুলি দাবী কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ঘটনাই সচেতন লোকক চিন্তিত কৰি তুলিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.