Illegal liquor seized : শিৱসাগৰত জব্দ অবৈধ বিদেশী সুৰা

author img

By

Published : Nov 23, 2021, 4:46 PM IST

illegal-liquor-seized-at-sivasagar
Illegal liquor seized :শিৱসাগৰত পুনৰ জব্দ বিদেশী সুৰা ()

দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে 5 কাৰ্টন অবৈধ বিদেশী সুৰা(Illegal liquor seized) ৷ লগতে ঘটনাৰ লগত জড়িত এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷

শিৱসাগৰ, 23 নৱেম্বৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ সমান্তৰালভাৱে এইক্ষেত্ৰত শিৱসাগৰ আৰক্ষীও তৎপৰ হৈ উঠিছে ৷ সোমবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে সুৰা(Illegal liquor seized)সহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে ৷

প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত এটা দলে অভিযান চলাই 5 কাৰ্টন অবৈধ বিদেশী সুৰাসহ এগৰাকী সৰবৰাহকাৰীক কৰায়ত্ত কৰে(liquor smuggler caught in Sivsagar) ৷ এই ধৃত সুৰা ব্যৱসায়ীটোক কৰায়ত্ত কৰাৰ পাচতেই আৰক্ষীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰে ৷ আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে এই ব্যৱসায়ত জড়িত এটা দল ৷ ইতিমধ্যে আৰক্ষীয়ে সুৰাৰ অবৈধ বেহাৰ আঁৰত জড়িত থকা চক্ৰটোক চিনাক্ত কৰাৰ কথা স্পষ্ট কৰিছে ৷

শিৱসাগৰত পুনৰ জব্দ অবৈধ বিদেশী সুৰা

অচিৰেই এনে প্ৰক্ৰিয়াৰে চলা সকলো অবৈধ ঘাটি, অবৈধ মজুতকৰণ, পৰিবহণৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, সোমবাৰে দিনত শিৱসাগৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়াত এখন বেটাৰী ৰিক্সাত তালাচী চলাই অবৈধভাৱে কঢ়িয়াই অনা চাৰি কাৰ্টন সুৰা জব্দ কৰে । ঘটনাৰ লগত জড়িত শিৱসাগৰ নগৰৰ ৰূপালীম চিনেমা হলৰ (Rupalim Cinema hall) সমীপৰ বাবলু ৰাউত নামৰ এজন ব্যক্তিক আটক কৰে ৷ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃহৎ পৰিমাণৰ সুৰা জব্দৰ ঘটনাই ৰাইজক চিন্তিত কৰিছে ।

লগতে পঢ়ক : Illegal liquor seized : অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰক উৎখাত শিৱসাগৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.