ETV Bharat / city

প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক শিৱসাগৰত গ্ৰেপ্তাৰ: ৰাজনৈতিক নেতাৰ হেঁচাৰ তথ্য ফাদিল

author img

By

Published : May 29, 2022, 9:04 AM IST

Updated : May 29, 2022, 2:23 PM IST

শিৱসাগৰ আৰক্ষীৰ জালত এসময়ৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইন(Former education officer Anwar Hussain arrested in Sivasagar) ৷ অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে ৰুজু কৰা গোচৰৰ ভিত্তিত আটক আনোৱাৰ হুছেইন ৷ 18 বছৰ নোহোৱাকৈ একাংশক শিক্ষক পদত নিযুক্তি দিয়াৰ গুৰুত্বৰ অভিযোগ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ৷

Former education officer Anwar Hussain arrested in Sivasagar
প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক শিৱসাগৰত গ্ৰেপ্তাৰ

শিৱসাগৰ, 29 মে’ : প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক শনিবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে ৷ শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ গোচৰত আটক কৰা হয় আনোৱাৰ হুছেইনক ৷ কালুগাঁও বাসগৃহৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে আনোৱাৰ হুছেইনক(Sivasagar Police Arrested Former education officer Anwar Hussain) ৷

শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰাক লৈ জিলাখনত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । বিগত শতিকাৰ নব্বৈ দশকত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা বিভাগৰ শিক্ষক নিয়োগৰ নামত এক ভয়াবহ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল(Corruption in Teachers appointment) । এনে অভিযোগসমূহক লৈ ইতিমধ্যে বহুকেইটা অনুসন্ধান সম্পন্ন হৈ গৈছিল যদিও কোনো বিশেষ ব্যৱস্থা পৰৱৰ্তী চৰকাৰৰ দিনত হোৱা নাছিল ।

অৱশেষত ২০১৯ চনত অসম নৱ নিৰ্মাণ সেনা নামৰ এক সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন থানাত সেই সময়ত অনিয়মৰ মাজেৰে সম্পন্ন হোৱা বুলি উত্থাপিত নিয়োগ অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত(Guwahati High Court) এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৰুজু কৰে ৷ তেতিয়াৰ পৰা শিৱসাগৰ আৰক্ষীয়ে উক্ত গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি বয়স জালিয়তি কৰি ১৮ বছৰৰ তলত চাকৰি লাভ কৰা সন্দেহযুক্ত শিক্ষকসকলৰ নিয়োগৰ তথ্য সংগ্ৰহ কৰিছিল ।

আনোৱাৰ হুছেইন

শনিবাৰে নিশা বাবুল হুছেইন নামৰ এজন শিক্ষকক আৰক্ষীয়ে আটক কৰি সোধাপোচা কৰাত তেওঁ ১৮ বছৰৰ তলত আনোৱাৰ হুছেইনৰ দিনত চাকৰি লাভ কৰা বুলি স্বীকাৰ কৰে ৷ ইয়াৰ পাছতেই শিৱসাগৰ আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক কৰে(Sivasagar Police Arrested Former education officer Anwar Hussain) । আনোৱাৰ হুছেইনক প্ৰথমে আৰক্ষীয়ে আটক কৰি জয়সাগৰ আৰক্ষী থানাত ৰাখিছিল যদিও পাছত শিৱসাগৰ সদৰ থানালৈ আনে ৷ সম্প্ৰতি শিৱসাগৰ আৰক্ষীয়ে আনোৱাৰ হুছেইন আৰু বাবুল হুছেইনৰ জেৰা অব্যাহত ৰাখিছে ।

আনহাতে আনোৱাৰ হুছেইনৰ লগতে তেওঁৰ পত্নী চিলভিয়া বেগমে তেতিয়া সংঘটিত নিয়োগ কেলেংকাৰীক লৈ বিস্ফোৰক তথ্য সদৰী কৰিছে । তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰ হেঁচাত আনোৱাৰ হুছেইনে এই নিয়োগ দিবলৈ বাধ্য হোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে পত্নী চিলভিয়া বেগমে ।

চিলভিয়া বেগম

কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, প্ৰয়াত দেৱানন্দ কোঁৱৰ, হিৰণ্য কোঁৱৰ, শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ প্ৰাত ৰোহিতেশ্বৰ শইকীয়া, অগপ নেতা তথা বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আদিকে ধৰি বহু ৰাজনৈতিক নেতা-পালিনেতাৰ নাম হুছেইন দম্পত্তিয়ে ৰাজহুৱা কৰিছে । আনোৱাৰ হুছেইনৰ আটকক লৈ যে এক বৃহৎ কেলেংকাৰী উন্মোচন হ'ব সেইয়া নিশ্চিত হোৱাৰ লগতে বয়স জালিয়তি কৰি চাকৰি লোৱা বহু শিক্ষক আটক হোৱাৰ সম্ভাৱনা দেখা গৈছে ।

লগতে পঢ়ক : ঘৰলৈ উভতাৰ পথত মুকালমুৱাত উদণ্ড যুৱকে আক্ৰমণ কৰে শিক্ষাৰ্থীক

Last Updated : May 29, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.