ETV Bharat / city

Christmas preparation in Sivasagar : শিৱসাগৰত বৰদিনৰ উৎসাহ

author img

By

Published : Dec 24, 2021, 9:03 PM IST

শনিবাৰে পৱিত্ৰ বৰদিন ৷ পৱিত্ৰ বৰদিন উদযাপন বাবে সাজু হৈছে সমগ্ৰ বিশ্বৰ খ্ৰীষ্টধর্মাৱলম্বী লোকসকল ৷ শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ গীৰ্জাঘৰ(Sivasagar Baptist Church)ত পৱিত্ৰ বৰদিনৰ উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি ৷

Christmas preparation
শিৱসাগৰত বৰদিনৰ উৎসাহ

শিৱসাগৰ, 24 ডিচেম্বৰ : সমগ্ৰ বিশ্বৰ খ্ৰীষ্টধর্মৰ লোকসকলৰ লগতে শিৱসাগৰৰ খ্ৰীষ্টিয়ান ধৰ্মালম্বীলোক সকলো সাজু হৈছে পৱিত্ৰ বৰদিন উদযাপন(Christmas preparation)ৰ বাবে । অসমৰ অন্যতম পুৰণি গীৰ্জাঘৰ ৰূপে পৰিচিতি শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ গীৰ্জাঘৰ(Sivasagar Baptist Church) পৱিত্ৰ বৰদিন উপলক্ষে মনোমোহা আলোক সজ্জাৰে সজ্জিত কৰি তোলা হৈছে । গীৰ্জাঘৰটোত শুকুৰবাৰৰ সন্ধিয়াৰে পৰা বৰদিনৰ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে ।

বিগত দুটা বছৰ ক’ভিডসৃষ্ট পৰিবেশৰ বাবে অতি সাধাৰণভাৱে বৰদিন উদযাপন কৰা খ্ৰীষ্টধৰ্মৰ লোকসকলৰ মাজত এইবাৰ বিশেষ উৎসাহ দেখা গৈছে । উল্লেখ্য যে, ১৮৪৫ খ্ৰীষ্টাব্দত স্থাপিত শিৱসাগৰৰ গীৰ্জাঘৰটো অসমৰ অন্যতম পুৰণি গীৰ্জা ঘৰ(Christmas preparation in 175 year old Sivasagar Baptist Church) । শিৱসাগৰ বৰপুখুৰী পাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই গীৰ্জাঘৰৰ চৌহদত শুকুৰবাৰে বৰদিনৰ উপলক্ষ্যে এক উলহ-মালহ পৰিৱেশৰ সৃষ্টি হয় । সকলো ব্যস্ত বৰদিনক আদৰৰ অন্তিম প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে ।

শিৱসাগৰত বৰদিনৰ উৎসাহ

ইফালে বৰদিন উপলক্ষে বজাৰতো এক উৎসাহজনক পৰিবেশৰ সৃষ্টি হৈছে । বৰদিনৰ বাবে উপহাৰ ক্ৰয় কৰিবলৈ বজাৰত হেঁতা-ওপৰা লগাইছে গ্ৰাহকে ৷ ক’ভিডসৃষ্ট পৰিবেশৰ পাছত বৰদিন উপলক্ষ্যে গ্ৰাহকৰ সমাগমত সন্তোষ ব্যক্ত কৰিছে বিক্ৰেতাসকলেও ৷

লগতে পঢ়ক : Christmas Preparation in Guwahati : পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক উছাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.