ETV Bharat / city

Christmas Preparation in Guwahati : পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক উছাহ

author img

By

Published : Dec 23, 2021, 11:28 AM IST

শীতৰ সেমেকা পৰিৱেশৰ মাজতে মহানগৰীত চলিছে খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনৰ প্ৰস্তুতি (Christmas Preparation in Guwahati) ৷ ইতিমধ্যে মহানগৰীৰ প্ৰতিটো গীৰ্জাঘৰ নতুন ৰূপত সজাই-পৰাই তোলা হৈছে ৷

christmas-preparation-in-guwahat
পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

গুৱাহাটী, 23 ডিচেম্বৰ : খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি (Christmas Preparation in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো আৰম্ভ হৈছে বৰদিন পালনৰ পূৰ্ণ প্ৰস্তুতি (Christmas Preparation in Guwahati) ৷ ইতিমধ্যে মহানগৰীৰ প্ৰতিটো গীৰ্জাঘৰ নতুন ৰূপত সজাই-পৰাই তোলা হৈছে ৷

বিগত বছৰ দুটা বছৰে কৰ’ণাৰ ফলত বৰদিনৰ আনন্দ কিছু ম্লান পৰিছিল যদিও এইবাৰ খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত চলিছে ব্যাপক আয়োজন ৷ বৰদিনৰ বাবে মহানগৰীৰ গীৰ্জাসমূহ বিশেষভাৱে সজাই-পৰাই তোলা হৈছে ৷ ৰং-বিৰঙী আলোকৰে দৃষ্টিনন্দন কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন শ্বপিং মল, বজাৰসমূহ ৷ লগতে মহানগৰীৰ গীৰ্জাবোৰত নিৰ্মাণ কৰা হৈছে যীশুৰ জন্মস্থান বেথেলহেমৰ দৃশ্য ৷

পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

পাণবজাৰৰ খ্ৰাইষ্ট গীৰ্জাঘৰৰ কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতিবছৰৰ দৰে এইবছৰো 19 ডিচেম্বৰৰ পৰা বৰদিনৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷ 24 ডিচেম্বৰৰ সন্ধিয়া খ্ৰাইষ্ট গীৰ্জাঘৰত পবিত্ৰ বৰদিন উপলক্ষে প্ৰাৰ্থনাৰ আয়োজন কৰা হ'ব ৷ 25 ডিচেম্বৰৰ পুৱা 9 বাজি 30 মিনিটত যীশুৰ বন্দনাৰে আৰম্ভ হ'ব পবিত্ৰ বৰদিনৰ কাৰ্যসূচী ৷

ইয়াৰোপৰি বিগত বৰ্ষৰ দৰে এইবাৰো দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নিশা 9.30 বজাৰ ভিতৰত গীৰ্জাৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব বুলি খ্ৰাইষ্ট গীৰ্জাঘৰৰ কৰ্তৃপক্ষই জনায় ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি কৰা পালন কৰা হ'ব বৰদিনৰ সকলো কাৰ্যসূচী ৷ ক'ভিডে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে সুখ-শান্তি আৰু প্ৰেমৰ বাৰ্তাৰে উদযাপন কৰা হ'ব পবিত্ৰ বৰদিন ।

পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি

ইতিমধ্যে বৰদিনক কেন্দ্ৰ কৰি খ্ৰীষ্টমাছ ট্ৰী, ছাণ্টাক্ল’জ, বিভিন্ন আলোক সজ্জাৰ সমগ্ৰী, ষ্টাৰ, ছাণ্টাক্লজৰ পোচাক আদিৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ । পবিত্ৰ বৰদিন উপলক্ষে 10 টকাৰ পৰা আৰম্ভ কৰি 10 হাজাৰ টকা পৰ্যন্তৰ খ্ৰীষ্টমাছ ট্ৰী মহানগৰীৰ বজাৰত উপলব্ধ হৈছে ।

উল্লেখ্য যে, প্ৰতি বছৰেই যীশুৰ জন্মদিন উদযাপন কৰাৰ বাবে 25 ডিচেম্বৰলৈ সমগ্ৰ বিশ্ববাসী বিশেষকৈ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে হেঁপাহেৰে অপেক্ষা কৰে ৷

লগতে পঢ়ক : Scotland of the East : শ্বিলঙত তুষাৰৰ শুভ্ৰ আৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.