ETV Bharat / city

বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

author img

By

Published : Jun 10, 2020, 6:05 PM IST

BJP leader accused of embezzling government housing funds
BJP leader accused of embezzling government housing funds

দৰিদ্ৰ পৰিয়ালৰ বাবে অহা প্ৰধানমন্ত্ৰী গৃহ যোজনাৰ ধন আত্মসাৎ কৰি বিজেপিৰ ৱাৰ্ড মেম্বাৰৰে হিতাধিকাৰীৰ বেংক পাছবুক ৰাখি থোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰত ।

শিৱসাগৰ, 10 জুনঃ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়াল বৃদ্ধ পিতৃ-মাতৃ আৰু এটা অন্ধ সন্তানৰ দুৰ্ভগীয়া জীৱন । চৰকাৰৰ দ্বাৰা লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোও আজিলৈ নাপালে পৰিয়ালটোৱে । কিন্তু প্ৰশ্ন পৰিয়ালটোৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ কি হ'ল ? আনহাতে যোৱা ডেৰটা বছৰে কোনে কিয় ৰাখি থৈছে পৰিয়ালটোৰ বেংকৰ পাছবুক ।

বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

এইবাৰ এক চকু কপালত উঠা ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি গাঁও পঞ্চায়তৰ গুৱলাপথাৰ গাঁৱৰ 5 নং ৱাৰ্ডত । চাহ শ্ৰমিক জনগোষ্ঠীৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ এক কৰুণ কাহিনী । পৰিয়ালটোৰ মুৰব্বী চেট মুণ্ডা পত্নী আৰু এটা অন্ধ পুত্ৰসহ দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে গুৱলাপথাৰৰ 4 নং ৱাৰ্ডত ।

দৰিদ্ৰ পৰিয়ালটোৰ বৃদ্ধ পিতৃ মাতৃৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল 32 বছৰীয়া অন্ধ পুত্ৰ । উপাৰ্জন কৰাৰ পৰা প্ৰতিপালন কৰাৰ লৈকে সম্পূৰ্ণ দায়িত্ব পালন কৰি আহিছে এই বৃদ্ধ দম্পতীয়ে । দুখ আৰু দুৰ্দশাৰ যেন অন্তহীন যুদ্ধ । বসবাস কৰি থকা গৃহটোৰো অৱস্থা অতি শোচনীয় যেন হাহঁ-কুকৰাৰ গৰালহে । প্ৰায়েই ভোকে-পিয়াঁহে লঘোনে দিন অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ।

আনকি বেছিভাগ সময় কেৱল খোদা ভাত খাইয়ে দিন কটাইছে এই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৱে । কিন্তু ভূতৰ ওপৰত দানৱ পৰাৰ দৰে আন এক ঘটনা । কাৰণ চেট মুণ্ডাৰ তিনিজনীয়া দুৰ্ভগীয়া পৰিয়ালটোৱে বিজেপি চৰকাৰৰ দিনত লাভ কৰিছিল এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ । চেট মুণ্ডাৰ লগতে গাঁৱৰ ৰাইজেও চৰাকাৰৰ এই ব্যৱস্থাক শলাগ জনাইছিল কিন্তু যোৱা দেৰটা বছৰে এই দৰিদ্ৰ পৰিয়ালটোৰ নামত চৰকাৰে দিয়া বাসগৃহটো নিৰ্মাণ নহ'ল । আনকি এচপৰা ইটাও নপৰিল চেট মুণ্ডাৰ চোতালত ।

গাঁওবাসীয়ে অৱশেষত এই বিষয়ে অনুসন্ধান চলোৱাত এক আৰ্শ্বযকৰ তথা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । গাঁওবাসী তথা উপভোগকাৰী চেট মুণ্ডাৰ ভাষ্য অনুসৰি তেওঁলোকৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিজেপি দলৰ বুবুল ওৰাঙে মুণ্ডাৰ বেংক পাছবুকখন বিগত দেৰটা বছৰে নিজৰ ওচৰত আৱদ্ধ কৰি ৰাখিছে । এই কথা পোহৰলৈ অহাৰ পাছত এতিয়া সমগ্ৰ বিষয়টো অধিক ৰহস্যময় হৈ পৰিছে। একাংশৰ মতে বিজেপি ৱাৰ্ড সদস্য বুবুল ওৰাংয়ে চেট মুণ্ডাৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ সমূদায় ধন আত্মসাৎ কৰিছে ।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰাৰ কথা সততে কৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক এতিয়া ৰাইজৰ প্ৰশ্ন,এয়াই নেকি চৰকাৰৰ প্ৰকৃত দুৰ্নীতি বিৰোধী সহশীলনতাৰ ছবি । নিজ দলৰে এগৰাকী নিৰ্বাচিত জন প্ৰতিনিধিৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা ল'ব চৰকাৰে । স্থানীয় বিধায়িকা নৱনিতা সন্দিকৈৰ সময় হ'ব নে দৰিদ্ৰ তথা বিশেষ ভাবে সক্ষম ব্যক্তি থকা পৰিয়ালটোৰ খবৰ লৈ ন্যায় প্ৰদান কৰিবলৈ ।

স্থানীয় ৰাইজক লাগে এতিয়া উচিত তদন্ত লগতে দোষীক কঠোৰ শাস্তি । পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব ।

লগতে চাওকঃ কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মুখীন দৰঙৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.