ETV Bharat / city

ফৰলেন নিৰ্মাণৰ দাবীত শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী

author img

By

Published : May 23, 2022, 2:09 PM IST

ফৰলেন নিৰ্মাণৰ দাবীত শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী
AASU protest against corruption in four lane construction at sivasagar

শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত অভাৱনীয় অনিয়মৰ বিৰুদ্ধে শিৱসাগৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে (AASU protest against corruption in four lane construction) ৷

শিৱসাগৰ, 23 মে’: নৰক সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত সোমবাৰে ঘাইপথ অৱৰোধ কৰে আছুৱে (AASU protest against corruption in four lane construction) ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত হোৱা অভাৱনীয় অনিয়ম, দুৰ্নীতি হোৱা কাৰ্যৰ বিৰুদ্ধে শিৱসাগৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

সোমবাৰে দিনৰ 11 বজাৰ পৰা শতাধিক আছু কৰ্মীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকাপাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে (AASU protest in Sivasagar) ৷ উল্লেখ্য যে, শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাই পথ ছোৱাৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে সাধাৰণ ৰাইজে শিৱসাগৰৰ পৰা যোৰহাটৰ দিশলৈ যাবলৈ হ’লে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰিৱৰ্তে জয়সাগৰ নামতি, চামগুৰি, আমগুৰি টাউন হৈ যাবলগীয়া পৰস্থিতিৰ উদ্ভৱ হৈছে ৷ একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ এই অৱৰ্ণনীয় অৱস্থাৰ বাবেই নিতৌ দুৰ্ঘটনাত মৃত্যু হৈছে নিৰীহৰ ৷

ফৰলেন নিৰ্মাণৰ দাবীত শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী

জাঁজীৰ পৰা ডিমোলৈকে 44 কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল । কোম্পানীটোৱে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে দলটোৱে ।

লগতে পঢ়ক : Covid outbreak in Saudi Arab : ভাৰতকে ধৰি 16 দেশলৈ নিষিদ্ধ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.