ETV Bharat / city

শিলচৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

author img

By

Published : May 18, 2021, 4:42 PM IST

শিলচৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
শিলচৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ কৰি সোমবাৰে নিশা শিলচৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ শিলচৰৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ কৰি সন্তষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

শিলচৰ, 18 মে' : ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ যাতে এজনো লোকৰ মৃত্যু নহয় তাৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

সোমবাৰে দিনৰ ভাগত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ কৰি নিশা শিলচৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ শিলচৰৰ এম দেৱ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত চিকিৎসাধীন 20 গৰাকী ক’ভিড ৰোগীক স্বাস্থ্য বুজ লৈ সন্তষ্টি ব্যক্ত কৰে স্বাস্থমন্ত্ৰী গৰাকীয়ে ৷

শিলচৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ৰাজ্যত এতিয়াও লকডাউনৰ পৰিস্থিতি আহি পৰা নাই ৷ হোম আইছেলেশ্যনত থকা ৰোগীসকলৰ চোৱাচিতাৰ দায়িত্বত চৰকাৰী স্বাস্থ্যকৰ্মী সকল থাকিব ৷ বাগিচা অঞ্চলত আক্ৰান্ত ব্যক্তিসকলক ক’ভিড আইছেলেশ্যনত ৰখা হ’ব বুলি জনাই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ উপৰিও অসমত এতিয়াও অক্সিজেনৰ অভাৱ হোৱা নাই ৷ অক্সিজেনৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছে চৰকাৰ ৷ বৰাক উপত্যকাত অক্সিজেন ষ্টক কৰি ৰখাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ শুকুৰবাৰৰ পৰা প্ৰযোজ্য হোৱা আন্তঃজিলা যাতায়ত বন্ধ কৰি ক’ভিড সংক্ৰমণৰ শিকলি ভঙা হ’ব বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক : ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব মোৱামৰীয়া থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.