ETV Bharat / city

সান্ধ্য আইনৰ সুযোগ লৈ নলবাৰীত চোৰৰ টিঘিলঘিলনী

author img

By

Published : May 16, 2021, 10:34 PM IST

নলবাৰী চহৰৰ গোপাল বজাৰস্থিত শ্ৰীশ্ৰী দূৰ্গা মন্দিৰত চুৰিকাণ্ড ৷ সমগ্ৰ দৃশ্য বন্দী চি চি কেমেৰাত ৷

সান্ধ্য আইনৰ সুযোগ লৈ নলবাৰীত চোৰৰ টিঘিলঘিলনী
সান্ধ্য আইনৰ সুযোগ লৈ নলবাৰীত চোৰৰ টিঘিলঘিলনী

নলবাৰী, 16 মে' : নলবাৰীত আংশিক লকডাউনৰ সুযোগ গ্ৰহণ কৰি মন্দিৰৰ চুৰি কৰিব অহা দৃশ্য বন্দী হ’ল চি চি কেমেৰাত ৷ এই ঘটনা সংঘটিত হৈছে নলবাৰী চহৰৰ গোপাল বজাৰস্থিত শ্ৰীশ্ৰী দূৰ্গা মন্দিৰ প্ৰাংগণত ৷

উল্লেখ্য যে, দেওবাৰে দিনৰ প্ৰায় 2.20 বজাত এটা চোৰে মন্দিৰৰ পিছৰ গেটৰ তলা ভাঙি পানীৰ মটৰ চুৰি কৰিবলৈ লওতে মন্দিৰৰ ওচৰৰ এঘৰ মানুহে মন্দিৰৰ তলা ভঙাৰ শব্দ শুনি এজন লোক বাহিৰলৈ ওলাই আহে ৷ লগে লগে মানুহ অহাৰ সম্ভেদ পাই চতুৰ চোৰে চুৰি সামগ্ৰী মন্দিৰতে থৈ মন্দিৰৰ সন্মুখৰ পৰা মা দূৰ্গাক সেৱা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

পিছে চোৰৰ চুৰি কাৰ্য্যৰ সমগ্ৰ ঘটনা মন্দিৰৰ চি চি টিভি কেমেৰাত বন্দী হয় । পিছত মন্দিৰ পৰিচালনা সমিতিয়ে নলবাৰী আৰক্ষীক খবৰ দি এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক : ৰাইজৰ কাষত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.