ETV Bharat / city

কেনে আছে ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ পৰিয়াল ?

author img

By

Published : Aug 15, 2021, 10:50 PM IST

উপেক্ষিত-অনাদৃত শ্বহীদ পৰিয়াল ৷ জহি-খহি যোৱাৰ উপক্ৰম শ্বহীদ তোৰণ ৷ কাণ সাৰ নাই চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে শ্বহীদ পৰিয়ালে ৷

PATHSALA INDEPENCE
কেনে আছে ৪২ৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ পৰিয়াল

পাঠশালা,15 আগষ্ট : আজি 75 সংখ্যক স্বাধীনতা দিৱস ৷ দেশবাসীয়ে সুঁৱৰিছে শ্বহীদ সকলক ৷ কিন্তু প্ৰকৃততে শ্বহীদ পৰিয়ালে পাইছে জানো উচিত মৰ্যদা !আমি ক’বলৈ লৈছো 1942 চনৰ 25 চেপ্তেম্বৰৰ কথা । স্বাধীনতা আন্দোলনৰ ভৰপক আছিল তাহানিৰ সেই সময়খিনি ৷ বোমা বাৰুদৰ জুয়ে সমগ্ৰ দেশ চানি ধৰিছিল । ৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ ব্যাাপক প্ৰভাৱ পৰিছিল বজালী অঞ্চলতো ।

কেনে আছে ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ পৰিয়াল ?

২৫ চেপ্তেম্বৰৰ দিনটো বজালীবাসীৰ বাবে আছিল এক বিশেষ স্মৰনীয় দিন । সেই দিনটোতে বজালীৰ ৰিহাবাৰীত বৃটিছ পুলিচ বাহিনীৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ গৈ দুজন বজালীৰ সন্তানে দেশৰ শ্বহীদৰ তালিকাত খোদিত কৰিলে তেওঁলোকৰ নাম । এজন হ’ল বজালীৰ ভোগপুৰ গাঁৱৰ মদন বৰ্মন আৰু আনজন সাদেৰী গাঁৱৰ ৰাউতাৰাম কোঁচ । সেই তেতিয়া বজালীৰ ভোগপুৰ গাঁৱৰ মদন বৰ্মন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল ।

বৃটিছৰ গুলীয়ে বুকু ভেদি গৈছিল ফুলকুমলীয়া মদনৰ ৷ দেশৰ হকে প্ৰাণ আহুতি দিছিল মদনে ৷ কিন্তু দেশৰ হকে যুঁজ দিও অৱহেলিত হৈ ৰ’ল মদন কিম্বা শ্বহীদৰ পৰিয়াল ৷ আজিও শ্বহীদ পৰিয়ালে নাপালে উচিত মৰ্যদা ৷

শ্বহীদ পৰিয়ালটো বাদেই দেশে স্বাধীনতা লাভ কৰাৰ সাতটা দশক উকলি যোৱাৰ পাছতো কিন্তু একো উন্নয়ন নহল শ্বহীদ সেই আপোন গাঁওখনৰ । আনকি এটি পকী পথো নাই গাঁওখনত। মাত্ৰ নামতহে ছহিদজনৰ এটি প্ৰতিমূৰ্তি গাঁওখনত প্ৰতিষ্ঠা কৰা হৈছে । প্ৰতিমূৰ্তিৰ কাষতে ছহিদগৰাকীৰ নামত থকা পুথিভঁৰাল, এতিয়া পৰিত্যক্ত অৱস্থাত আছে ।

ছহিদজনৰ স্মৃতি সুঁৱৰি বাচি থকা আশীবছৰীয়া মদন চন্দ্ৰ বৰ্মন নামৰ অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক তথা ৰাইজৰ আক্ষেপ যে ছহিদজনক চৰকাৰে দিয়া নাই কোনো গুৰুত্ব উচিত মৰ্যদা ৷ ইফালে বজালীৰ সাদেৰীৰ ৰাউতাৰাম কোঁচে দেশৰ বাবে ছহিদ হোৱাৰ পাচতো নাপালে প্ৰাপ্য সন্মান । সামান্য পজাঘৰতে বিধবা পত্নীয়ে একমাত্ৰ কন্যাক লগত লৈ বাস কৰি থকাৰ প্ৰায় ষাঠি বছৰ পাচতহে ২০০৩ চনত বিধায়ক পবিন্দ্ৰ ডেকাই তেওঁৰ পূঁজিৰে নামমাত্ৰ এটি গৃহ দিয়ে ।

এতিয়াও পিতৃৰ ভেটিঁতে বাস কৰা ৰাউতাৰাম কোঁচৰ একমাত্ৰ জীয়ৰীয়ে আজিলৈকে চৰকাৰৰ পৰা নাই পোৱা কোনো সুবিধা ৷ আনকি ছহিদগৰাকীৰ পেঞ্চনৰ ধনো নাপালে জীয়ৰীয়ে । বৰ্তমান দিন হাজিৰা কৰি চলি আছে ৪২ ৰ শ্বহীদৰ পৰিয়ালে । ২৫ চেপ্তেম্বৰৰ দিনা মন্ত্ৰী বিধায়কৰ লগতে চৰকাৰী বিষয়ববীয়াৰ ভিৰ হয় যদিও কোনো গুৰুত্ব আৰোপ নকৰে কোনো সহায় সহযোগ নকৰে পৰিয়ালৰ লোকক । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শ্বহীদৰ পৰিয়াল তথা ৰাইজৰ ক্ষোভে প্ৰকৃততে উদঙাই দিছে চৰকাৰ খনৰ শ্বহীদৰ প্ৰতি থকা দায়িত্বশীলতা উমান ।

লগতে পঢ়ক: ভাৰত ত্যাগ আন্দোলনৰ বলিষ্ঠ নেত্ৰী কনকলতা বৰুৱালৈ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.