নলবাৰীতো উদযাপন অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী

author img

By

Published : Sep 3, 2020, 11:59 AM IST

sports_day_Celebration_nalbari
নলবাৰীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ()

কৰ'ণা মহামাৰীৰ মাজতে নলবাৰী জিলাতো অতি কম সংখ্যক লোকৰ উপস্থিতিত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৷ জিলাখনৰ গৰ্ডণ বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা হয় এক সমূহীয়া দৌৰ, য'ত জিলাখনৰ খেলুৱৈসকলে কৰিলে অংশগ্ৰহণ ৷

নলবাৰী,3ছেপ্টেম্বৰ: আজি 37সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ এই উপলক্ষে নলবাৰী জিলাতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৷

নলবাৰীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

সমগ্ৰ বিশ্ব তথা ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি কম সংখ্যক খেলুৱৈৰ উপস্থিতিত জিলাখনত পালন কৰা হয় দিৱসৰ এই কাৰ্যসূচী ৷ জিলাখনৰ গৰ্ডণ বিদ্যালয়ৰ খেলপথাৰৰ পৰা এটি সমূহীয়া দৌৰ অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই দৌৰত অংশ গ্ৰহণ কৰে নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া ক্ৰমে দিলীপ মেধি, কৰুণা বৰ্মন, তাজেৰ আলি, অতুল কলিতা, মৃগেন কলিতা, কৈলাশ মেধি, নূৰুল অমিন, দিব্য জ্যোতি হালৈ, চন্দন হালৈৰ লগতে অন্ত ৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ ৷

sports_day_Celebration_nalbari
নলবাৰীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন


অন্য এক খবৰৰ বাবে: মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.