ETV Bharat / city

নগাঁৱত পুনৰ পিষ্টলসহ আৰক্ষীৰ জালত ডকাইত

author img

By

Published : Sep 7, 2021, 4:58 PM IST

নগাঁও আৰক্ষীৰ আন এক সফলতা । নগাঁৱত পুনৰ পিষ্টলসহ আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত ডকাইত ।

one-arrested-with-gun-by-police-in-nagaon
নগাঁৱত পুনৰ পিষ্টলসহ আৰক্ষীৰ জালত ডকাইত

নগাঁও,7 ছেপ্তেম্বৰ: নগাঁৱত ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান অব্যাহত আছে । অভিযানত কেতিয়াবা যদি ড্ৰাগছ মাফিয়া, কেতিয়াবা আকৌ জালত পেলাবলৈ সক্ষম হৈছে কুখ্যাত ডকাইত ।

তাৰমাজতে অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয় । নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে পিষ্টলসহ আটক কৰিবলৈ সক্ষম হৈছে এটা কুখ্যাত ডকাইত ।

ঘটনা অনুসৰি সোমবাৰে নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভৰপ্ৰাপ্ত বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ডকাইত আছাদুল হকক ।

নগাঁৱত পুনৰ পিষ্টলসহ আৰক্ষীৰ জালত ডকাইত

লগতে পঢ়কঃ 'কৌন বনেগা কৌড়পতি' ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা !

হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত কেন্দগুৰিত থকা আছাদুল হকৰ ঘৰত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে এটা থ্ৰী নট থ্ৰী ৰাইফলৰ সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ধৃত আছাদুল হকক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, পূৰ্বেও ডকাইতিৰ ঘটনাৰ সৈতে ধৃত আছাদুল জড়িত থকাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীৰ এটা বিশেষ সূত্ৰই । ইপিনে কেন্দগুৰিৰ আছাদুল হকে পুনৰ ডকাইতি কৰাৰ পৰিকল্পনা কৰি আছিল যদিও হয়বৰগাঁও আৰক্ষীৰ তৎপৰতাত ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ পূৰ্বেই পিষ্টলসহ আৰক্ষীৰ জালত পৰে আছাদুল হক ।

লগতে পঢ়কঃ জল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.