ETV Bharat / city

Allegation of accepting Bribe: গৃহৰক্ষী জোৱান মকবুলক জেৰা আৰক্ষী অধীক্ষক লীনা দলেৰ

author img

By

Published : Oct 12, 2022, 8:42 PM IST

Updated : Oct 12, 2022, 8:48 PM IST

Allegation of accepting Bribe
Allegation of accepting Bribe

গৰু সৰবৰাহকাৰীৰ পৰা ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গৃহৰক্ষী জোৱানক জেৰা নগাঁও আৰক্ষী অধীক্ষকৰ (Nagaon SP interrogates home guard mokbul Hussain)। গৰু ছিণ্ডিকেট চক্ৰৰ পৰা আৰক্ষী বিষয়াৰ নামত ধন লোৱাৰ অভিযোগ গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে (allegation of taking bribe)। তদন্তৰ দায়িত্ব উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙক ।

নগাঁও, 12 অক্টোবৰ: নগাঁৱত অবৈধভাৱে গৰু সৰবৰাহৰ নামত এক ছিণ্ডিকেট (Cattle smuggling syndicate in Nagaon) চক্ৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছে এজন গৃহৰক্ষী জোৱান । নগাঁৱৰ কলিয়াবৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইনক বুধবাৰে জেৰা কৰে নগাঁও আৰক্ষী অধীক্ষকে (Home guard arrested for taking bribe)। বুধবাৰে আৰক্ষী অধীক্ষকে জেৰা কৰাৰ অন্তত গৃহৰক্ষী জোৱান মকবুল হুছেইনক হাজিৰ কৰা হয় নগাঁও আদালতত ।

উল্লেখযোগ্য যে, কলিয়াবৰ আৰক্ষীয়ে দিনদিয়েক পূৰ্বে অবৈধভাৱে গৰু সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল এগৰাকী মহিলাক । পৰৱৰ্তী সময়ত মহিলাগৰাকীক স্বাস্থ্যজনিত কাৰণত জামিনত মুকলি কৰি দিয়ে । মহিলাগৰাকীক মুকলি কৰাৰ নামত গৃহৰক্ষী জোৱান মকবুল হুছেইনে মহিলাগৰাকীৰ স্বামীৰ পৰা এক লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হয় (Home guard took bribe in Kaliabor)।

ধন লোৱাৰ অভিযোগত কলিয়াবৰ থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইনক চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগদ ৬৫ হাজাৰ টকাও জব্দ কৰিছিল ।

গৃহৰক্ষী জোৱানজনে দুগৰাকী আৰক্ষী বিষয়াৰ নামত ধন লোৱাৰ অভিযোগো উত্থাপন হৈছে । এই সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক লীনা দলেয়ে (SP Lina Doley)। ধন লোৱা কাৰ্যত আৰক্ষী বিষয়া জড়িত থকাৰ প্ৰমাণ পালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক লীনা দলেয়ে (SP Lina Doley interrogates Mokbul Hussain)।

বিষয়টোৰ তদন্তৰ বাবে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙক দায়িত্ব দিয়াৰ কথাও সদৰী কৰে আৰক্ষী অধীক্ষকে । গৰু ছিণ্ডিকেট চক্ৰৰ পৰা গৃহৰক্ষী জোৱানে উৎকোচ লোৱা প্ৰসংগত দুগৰাকীকৈ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰা ঘটনাই লাভ কৰিছে ব্যাপক চৰ্চা ।

গৃহৰক্ষী জোৱান মকবুলক জেৰা আৰক্ষী অধীক্ষক লীনা দলে’ৰ

উল্লেখ্য যে, নগাঁৱত খাকীত দাগ লগোৱা কাৰ্য এয়াই প্ৰথম নহয় ৷ এছ আই জোনমণি ৰাভা, হাইদৰ হুছেইন, প্ৰদীপ বণিয়া, আফচৰ উদ্দিন আহমেদকে ধৰি বহুকেইজন আৰক্ষী বিষয়াই ইতিমধ্যেই নগাঁও আৰক্ষীৰ নাম বদনাম কৰি থৈছে (Corrupt police officer in Nagaon)৷ এইকেইজনৰ ভিতৰত জোনমণি ৰাভাৰ বিৰুদ্ধে আছিল প্ৰেমিকৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ গোচৰ ৷ হাইদৰ হুছেইন, আফচৰ উদ্দিন আহমেদৰ বিৰুদ্ধে আছিল উৎকোচৰ গোচৰ ৷ আনহাতে এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছিল ভুৱা এনকাউন্টাৰৰ গোচৰ ৷

এতিয়া এইগৰাকী মকবুল হুছেইনে আৰক্ষীৰ নামত ধন লৈ আকৌ এবাৰ লজ্জানত কৰিলে নগাঁও আৰক্ষীক ৷ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দি বিভিন্ন সময়ত ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি আহিছে (Drive against corrupt officers) ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও বাৰম্বাৰ সকীয়নি প্ৰদান কৰি আহিছে এনে মনোবৃত্তিৰ চাকৰিয়ালসকলক ৷ তাৰ পাচতো যেন একাংশৰ মন-মগজুৰ পৰা আঁতৰ হোৱা নাই অতিৰিক্ত ধনৰ খঁক ৷

লগতে পঢ়ক: Cops Arrested in Assam : কলিয়াবৰত গৃহৰক্ষী জোৱান, লখিমপুৰত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

Last Updated :Oct 12, 2022, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.