ETV Bharat / city

বাতৰিৰ প্ৰভাৱ : দুই ভগ্নীৰ শিক্ষাৰ দায়িত্ব ললে কলিয়াবৰ ছাত্ৰ সন্থাই

author img

By

Published : Jun 4, 2021, 11:03 PM IST

দুই দুৰ্ভগীয়া ভগ্নীৰ বাতৰি প্ৰচাৰৰ পাচতেই ভিন্নজনৰ সহায়ৰ হাত ৷ কলিয়াবৰ আছুৱে ল'লে পঢ়া-শুনাৰ দায়িত্ব ৷ বিভিন্ন চৰকাৰী আঁচনি থকাৰ সময়তো এনে দৰিদ্ৰ পৰিয়ালক সেই আঁচনিসমূহে ঢুকি নোপোৱাৰ বাবে ক্ষোভ প্ৰকাশ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ৷

kaliabar AASU take responsibility of two sisters
বাতৰিৰ প্ৰভাৱ : দুই ভগ্নীৰ শিক্ষাৰ দায়িত্ব ললে কলিয়াবৰ ছাত্ৰ সন্থাই

কলিয়াবৰ, 4 জুন : প্ৰথমে পিতৃ-মাতৃৰ বিয়োগ, এতিয়া আৰ্থিক অনাটন । সমস্যাই জুৰুলা কৰিছে কলিয়াবৰৰ দুই দুৰ্ভগীয়া ভগ্নীক । উপায়হীন হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্বান জনাইছিল দুয়ো ভগ্নীয়ে । এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতেই দুৰ্ভগীয়া দুই ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব ল'লে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । এটাৰ পাচত আনটো বিপদে লগ নেৰা হৈছে কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ জ্যোতিৰেখা আৰু লিপিকাৰ ।

kaliabar AASU take responsibility of two sisters
বাতৰিৰ প্ৰভাৱ : দুই ভগ্নীৰ শিক্ষাৰ দায়িত্ব ললে কলিয়াবৰ ছাত্ৰ সন্থাই

পিতৃ-মাতৃৰ মৃত্যুৰ পাচতে অন্ধকাৰ নামি আহিছে দুয়ো ভগ্নীৰ জীৱনলৈ । পিতৃ-মাতৃৰ মৃত্যুৰ সময়ত জ্যোতিৰেখা দাসৰ বয়স আছিল ৫ বছৰ আৰু লিপিকা দাসৰ বয়স আছিল ২ বছৰ । তেতিয়াৰে পৰা ককাক-আইতাকে দুয়োকে চোৱা-চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত্যু হোৱাত দুই ভগ্নীৰ দায়িত্ব লয় বৰদেউতাক হৰেন দাসে । কিন্তু দুৰ্ভাগ্যই যেন লগ নেৰা হৈছে লিপিকা আৰু জ্যোতিৰেখাৰ । তিনি মাহ মান পূৰ্বে দুই বৰদেউতাকৰো মৃত্যু হয় ।

ইয়াৰ পাচৰে পৰা দুয়োকে চোৱা-চিতা কৰি আছে বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে । বৰ্তমান কৰ'ণাসৃষ্ট পৰিস্থিতিত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিনোদ দাসৰো ব্যৱসায়িক ক্ষেত্ৰত আহি পৰিছে সমস্যা । সেয়েহে, দুয়ো ভগ্নীক চোৱা-চিতা কৰাত সৃষ্টি হৈছে অসুবিধাৰ । উপায়হীন হৈ সহায় বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে লিপিকা আৰু জ্যোতিৰেখাই । এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল দুয়ো ভগ্নীয়ে ।

এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতেই দুই ভগ্নীক সহায়ৰ বাবে আগবাঢ়ি আহিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা । নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকাৰ বাসগৃহত উপস্থিত হৈ অত্যাৱশ্যকীয় সা-সামগ্ৰী, কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে দুই ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । বিভিন্ন চৰকাৰী আঁচনি থকাৰ সময়তো এনে দৰিদ্ৰ পৰিয়ালক সেই আঁচনিসমূহে ঢুকি নোপোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই । তাৰ মাজতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই পদক্ষেপে নতুন আশাৰ সঞ্চাৰ কৰিছে লিপিকা আৰু জ্যোতিৰেখাৰ জীৱনলৈ ।

লগতে পঢ়ক : ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.