ETV Bharat / city

কৰ্মস্থলীৰ পৰা কি আহ্বান জনালে স্বৰ্ণকন্যা নয়নমণি শইকীয়াই ?

author img

By

Published : Aug 20, 2022, 10:33 AM IST

cwg-2022-medal-winner-nayanmoni-saikia-at-her-workplace
কৰ্মস্থলীৰ পৰা কি আহ্বান জনালে অসম কন্যা নয়নমণি শইকীয়াই

কলিয়াবৰৰ কৰ্মস্থলীত উপস্থিত কমনৱেল্থত পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা নয়নমণি শইকীয়া(CWG 2022 Medal winner Nayanmoni Saikia) ৷ দীৰ্ঘদিন ধৰি অৱহেলিত হৈ ৰোৱা চিকনিস্থ অসম বন সুৰক্ষা বাহিনীৰ মুখ্য শিবিৰলৈ মূল যোৱা পথচেৱা নিৰ্মাণৰ বাবে চৰকাৰক জনালে আহ্বান ৷

কলিয়াবৰ, 20 আগষ্ট : কমনৱেল্থ গেমছত ল’ন বলত সোণৰ পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা নয়নমণি শইকীয়া আহি পালেহি নিজৰ আপোন কৰ্মস্থলী কলিয়াবৰৰ চিকনিস্থ অসম বন সুৰক্ষা বাহিনীৰ মুখ্য শিবিৰত(CWG 2022 Medal winner Nayanmoni Saikia at her workplace) । অসম বন সুৰক্ষা বাহিনীৰ মুখ্য শিবিৰত উপস্থিত হৈ স্বৰ্ণকন্যা নয়নমণিয়ে অসম তথা দেশবাসীৰ লগতে সহকৰ্মীসকলৰ মৰম-উৎসাহ আৰু আশীৰ্বাদৰ বাবে সকলোকে কৃতজ্ঞতা জনায়(Nayanmoni Saikia brings CWG Gold to Assam) । তেওঁ ল'ন বলত দেশৰ হৈ পোনপ্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি সুখী তথা গৌৰৱাম্বিত বুলি জানিবলৈ দিয়ে ৷

কৰ্মস্থলীৰ পৰা কি আহ্বান জনালে অসম কন্যা নয়নমণি শইকীয়াই

নয়নমণিয়ে শাৰীৰিক অসুস্থতাৰ বাবে ৱেট-লিফ্টিং খেলিবলৈ এৰি ল'ন বল খেলিবলৈ লৈছিল । সাধাৰণতে দেখা যায় কেইবছৰমান খেলাৰ পাছতে যিকোনো বিভাগৰ খেলুৱৈয়ে খেলিবলৈ এৰি দিয়ে । কিন্তু নয়নমণিয়ে নিজকে শাৰীৰিক আৰু মানসিক সক্ষমতা বৰ্তাই ৰাখি ল'ন বল প্ৰতিযোগিতাত দেশলৈ ঈৰ্ষণীয় সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হয় । নয়নমণিয়ে তেওঁলোকক খেলা এৰি নিদিবলৈ আহ্বান জনাই চেষ্টা অব্যাহত ৰাখিলে সাফল্যৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

cwg-2022-medal-winner-nayanmoni-saikia-at-her-workplace
কৰ্মস্থলীৰ পৰা কি আহ্বান জনালে অসম কন্যা নয়নমণি শইকীয়াই

দুচুকুত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে উপস্থিত হোৱা নয়নমণিক সহকৰ্মীয়ে খুৱালে মিঠাই । দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়কে আশ্বাস দিলে সহযোগিতা আগবঢ়োৱাৰ । কৰ্মস্থলীত উপস্থিত হৈ চৰকাৰলৈ এক আহ্বানো জনালে নয়নমণিয়ে ৷ কলিয়াবৰৰ চিকিনিত অৱস্থিত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ চাউনীলৈ অহা-যোৱাৰ বিধ্বস্ত পথটোৱে জীয়াতু ভোগাইছে বন সুৰক্ষা বাহিনীটোত কৰ্মৰত জোৱান, বিষয়া, আৱাসী তথা ছাত্ৰ-ছাত্ৰীক ।

সেয়ে পথটো ততালিকে নিৰ্মাণৰ আহ্বান জনালে চৰকাৰক কমনৱেল্থ গেমছত সোণৰ পদক বিজয়ী তথা দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্তব্যৰত নয়নমণি শইকীয়াই । এতিয়া বন শিবিৰটোৰ নয়নমণি শইকীয়াৰ সহকৰ্মী-আৱাসী তথা কলিয়াবৰীয়া ৰাইজৰ আশা, অলিম্পিকত পদক জয় কৰা পাছত যেনেকৈ লাভলীনাৰ ঘৰলৈ যোৱা পথছোৱা পকী হ'ল, তেনেকৈয়ে বন সুৰক্ষা বাহিনীৰ চাউনীলৈ অহা পথচোৱাও নিৰ্মাণ হ'ব ।

লগতে পঢ়ক: কমনৱেলথত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.