ETV Bharat / city

ৰিলিফৰ চাউলমুঠিৰ বাবেও এতিয়া দিব লাগে টকা

author img

By

Published : May 29, 2022, 8:18 PM IST

ৰহা সমষ্টিৰ বানত ক্ষতিগ্ৰস্ত কৃষকৰ হাহাকাৰ (Cultivators facing problem at Rangia)। বানৰ বাবে বিনষ্ট হৈছে শস্য । কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত অঞ্চলটোৰ শতাধিক খেতিয়কৰ হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য বিনষ্ট হয় ৷ ইফালে ৰিলিফৰ চাউলমুঠিৰ বাবেও এতিয়া দিব লাগে টকা ৷

Cultivation destroy in flood at Raha
ৰিলিফৰ চাউলমুঠিৰ বাবেও এতিয়া দিব লাগে টকা

ৰহা, 29 মে’: বাৰিষা অহা লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন নদী-উপনদীসমূহে কালৰূপ ধাৰণ কৰিছে (Flood in Assam)। ইফালে কপিলী জলবিদ্যুত প্ৰকল্পৰ শ্লুইচ গেটৰেৰে এৰি দিয়া পানীয়ে কপিলী আৰু বৰপানী নদীত সৃষ্টি কৰা ভয়াৱহ বানে প্ৰলয়ৰ সৃষ্টি কৰিছে ৰহা সমষ্টিৰ বিস্তৃত অঞ্চলত (Flood at Raha) ৷ ফলত অধিকাংশ বাসিন্দাই এতিয়া ঘৰ-বাৰী এৰিবলৈ বাধ্য হৈছে ৷

পানীত ডুব যোৱা আপোন ঘৰ এৰি ৰাজপথ আৰু আন ঠাইত আশ্ৰয় লৈছে সৰ্ব সাধাৰণে । লগতে শতাধিক কৃষকৰ শ শ বিঘা কৃষি ভূমি পানীয়ে প্লাবিত কৰি ৰখাত ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে (Cultivation destroy in flood at Raha)।

ৰিলিফৰ চাউলমুঠিৰ বাবেও এতিয়া দিব লাগে টকা

পকিবলৈ আৰম্ভ কৰা পথাৰৰ আহু,বৰো আদি ধানৰ খেতিবোৰ পানীৰ তলত বুৰ গৈ নষ্ট হোৱাৰ ফলত বানপীড়িত ৰাইজৰ মাজত দেখা দিছে অনাগত দিনত তীব্ৰ খাদ্য সংকটৰ আশংকা । ইফালে এনে পৰিস্থিতিৰ মাজতো বান সাহায্য দিয়াৰ নামৰ গাঁওবুঢ়াই বন্যাৰ্তলোকৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযাগ উত্থাপন কৰিছে স্থানীয়লোকে ৷

অন্যহাতে বন্যাৰ্তসকলে চৰকাৰৰ পৰা ৰেচন লাভ কৰিছে যদিও ঘৰৰ পশুধন গৰু, ছাগলী আদিক লৈ চিন্তিত হৈ পৰিছে তেওঁলোক । কাৰণ কেউফালে বানৰ তাণ্ডৱৰ ফলত পশুধনৰ বাবে তীব্ৰ খাদ্য সংকটৰ আশংকাই দেখা দিছে ৷

লগতে পঢ়ক : ৰঙিয়াৰ বিহাপাৰাত বানত ক্ষতিগ্ৰস্ত কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.