ETV Bharat / city

আনন্দ মিশ্রৰ বদলিৰ পিছতেই প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই

author img

By

Published : Feb 10, 2022, 11:00 PM IST

নগাঁৱৰ পৰা বদলি হ'ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra transferred from Nagaon) ৷ তেনে সময়তে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই । জানিবলৈ পঢ়ক সবিশেষ...

as-ngn-06-10feb-colour-on-picture-vis-plus-bite-7203829
আনন্দ মিশ্রৰ বদলিৰ পিছতেই প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই

নগাঁও , 10 ফেব্ৰুৱাৰী : নগাঁৱৰ অপৰাধ জগতৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছতেই আনন্দ মিশ্ৰৰ প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই । নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই ড্ৰাগছ, জুৱা, ডকাইতকে ধৰি সকলো প্ৰকাৰৰ অপৰাধৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰি নগাঁৱৰ সচেতন মহলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ বিপৰীতে অপৰাধ জগতৰ ববে মূৰৰ কামোৰণি হৈ পৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

কিন্তু ইয়াৰ মাজতে এক অনাকাংক্ষিত এনকাউণ্টাৰ বিতৰ্কত সাঙোৰ খোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বুধবাৰে সন্ধিয়া বদলিৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে । চৰকাৰে জাৰি কৰা বদলিৰ নিৰ্দেশ মৰ্মেই বৃহস্পতিবাৰে পুৱাই নগাঁওবাসীক ধন্যবাদ জনাই নগাঁৱৰ পৰা বিদায় লয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra transferred from Nagaon) । ইয়াৰ পিছতেই আৰক্ষী অধীক্ষকগৰাকীৰ বদলিৰ লগে লগেই দুৰ্বৃত্তই সংঘটিত কৰিলে এক জঘন্য কাণ্ড । নগাঁৱক অপৰাধমুক্ত কৰাৰ লক্ষ্যৰে দিনে নিশাই অভিযান চলাই বহুকেইটা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই ।

আনন্দ মিশ্রৰ বদলিৰ পিছতেই প্ৰতিচ্ছবিত ৰং সানিলে দুৰ্বৃত্তই

বিশাল আকাৰৰ প্ৰতিচ্ছবিত ৰং সনা কাৰ্য্যত ছবি অংকন কৰা শিল্পীগৰাকীৰ লগতে সচেতন মহলতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । দুৰ্বৃত্তৰ এনে কাৰ্য্যক ধিক্কাৰ দিছে সচেতন মহলে । এনে জঘন্য ঘটনাই আৰক্ষী মহলতো সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । আনন্দ মিশ্ৰৰ বদলিত দুখ প্ৰকাশ কৰি দুৰ্বৃত্তৰ এনে কাৰ্য্যক গৰিহণা দিছে এগৰাকী আইতায়ো । সদ্য বদলি হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ প্ৰতিচ্ছবিত ৰং সনা দুৰ্বৃত্তক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্নজনে ।

লগতে পঢ়ক : IPS Anand Mishra: সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.