ETV Bharat / city

Assam youths joining ULFA-I: আলফালৈ যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ব

author img

By

Published : Mar 3, 2022, 8:49 PM IST

Updated : Mar 3, 2022, 9:10 PM IST

তিনিচুকীয়াত পুনৰ আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱক আটক । সেনা আৰু আৰক্ষীয়ে আটক কৰে যুৱক দুজনক (Two youths suspected to join ULFA-I rescued)।

2-youths-arrested-by-tinisukia-police-while-going-to-join-ulfa
আলফালৈ যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ব

তিনিচুকীয়া, 3 মাৰ্চ: উজনি অসমৰ বহু যুৱক-যুৱতী শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে । ইয়াৰ মাজতে পুনৰ তিনিচুকীয়াৰ পৰা দুজন যুৱক আলফা স্বাধীনলৈ বুলি কৰিছিল যাত্ৰা ।

Assam youths joining ULFA-I: আলফালৈ যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ব

অৱশ্যে যাত্ৰা পথতে সেনা আৰু তিনিচুকীয়া আৰক্ষীৰ এটা দলে আটক কৰে যুৱক দুজনক (Two youths suspected to join ULFA-I rescued in Tinsukia)। এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে অভিযান চলাই সেনাৰ ৰূপাইস্থিত ৰেড চিল্ড ডিভিজন আৰু তিনিচুকীয়া আৰক্ষীৰ এটা যৌথ দলে উদ্ধাৰ কৰে যুৱক দুজনক ।

সেলা আৰু আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰা যুৱক দুজনৰ পৰা এটা মবাইল ফোনৰ লগতে ফোন নম্বৰ সন্নিবিষ্ট এখন ডায়েৰীও উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা দুই যুৱকক পৰিয়ালৰ হাতত চমজাই দিয়ে তিনিচুকীয়া আৰক্ষীয়ে ।

লগতে পঢ়ক : সৰগীয় প্ৰেমৰ নাৰকীয় পৰিণতি

Last Updated : Mar 3, 2022, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.